'চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়'- শিলচৰত সমুদ্ৰ গুপ্ত কাশ্যপৰ মন্তব্য...
'চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়'- শিলচৰত সমুদ্ৰ গুপ্ত কাশ্যপৰ মন্তব্য...

'চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়'- শিলচৰত সমুদ্ৰ গুপ্ত কাশ্যপৰ মন্তব্য...

ডিজিটেল সংবাদ শিলচৰঃ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভেদ অথবা বৈষম্য থকা বুলি প্ৰায়ে উত্থাপিত অভিযোগ একেমুখে নাকচ কৰিছে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ প্ৰাক্তন ৰাজ্যিক জনসংযোগ আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ আৰু বৰাকৰ জ্যেষ্ঠ সাংবাদিকসকলে। কোনো বিভেদ নাইবা শত্ৰুতা নাই যদিও ভৌগোলিক ব্যৱধানৰ বাবে দুয়ো উপত্যকাৰ মাজত চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়ৰ নিচিনা অৱস্হা এটা হৈছে বুলি মন্তব্য কৰিছে সমুদ্ৰ গুপ্ত কাশ্যপে।

অসম প্ৰকাশন পৰিষদে শিলচৰত আয়োজিত অসম গ্ৰন্থ মেলাৰ মঞ্চত শুকুৰবাৰে এই মন্তব্য কৰে সমুদ্ৰ গুপ্ত কাশ্যপে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত শুকুৰবাৰে আয়োজন কৰা 'সাংবাদিকতা, বৰাক- ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতিৰ সাঁকো' শীৰ্ষক আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কাশ্যপে বৰাকৰ পৰ্যটন ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ,চাহ উদ্যোগে আদি বিষয়ৰ ওপৰত ফিচাৰ সংবাদ পৰিবেশন কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকক আকৰ্ষিত কৰিলে এই ভৌগলিক ব্যৱধান দূৰ‌ হ'ব বুলি মন্তব্য কৰে সমুদ্ৰ গুপ্ত কাশ্যপে।।

আলোচনা চক্ৰত ভাগ লৈ আনন্দ বাজাৰ পত্ৰিকাৰ শিলচৰৰ জ্যেষ্ঠ সাংবাদিক উত্তম কুমাৰ সাহাই সাংবাদিকতাৰ ক্ষেত্ৰত বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত কোনো বিভেদ নাই বুলি বিভিন্ন উদাহৰণসহ যুক্তি দাঙি ধৰে। সাংবাদিকতাৰ কোনো জাতি, ধৰ্ম, ভাষা নাই বুলিও মন্তব্য কৰে বৰিষ্ঠ সাংবাদিকগৰাকীয়ে।

ইফালে, বাৰ্তালিপি কাকতৰ সম্পাদক অৰিজিত আদিত্যৰ‌ মতে, সম্প্ৰীতি ৰক্ষা কৰা সাংবাদিকৰ কাম নহয়, এয়া সমাজৰ দায়িত্ব। বৰাকৰ একাংশ জন ভিত্তিহীন পাবত গজা সংগঠনে কেতিয়াবা অসমীয়া বেনাৰত ক'লা চিয়াঁহী সনা, কেতিয়াবা পৃথক বৰাক দাবী কৰি দুয়ো উপত্যকাৰ মাজত বিভেদৰ সৃষ্টি কৰিব বিচাৰে।

সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ একাংশ সংগঠনেও বাঙালী ভাষাত লিখা বেনাৰ ফালি সস্তীয়া প্ৰচাৰ বিচাৰে। আৰু এই বোৰকে সংবাদ হিচাপে ডাঙৰকৈ প্ৰচাৰ কৰে একাংশ সংবাদ মাধ্যমে।‌

এনে সংবাদে সমাজত বিৰূপ প্ৰভাৱ পেলায় বুলি মন্তব্য কৰে অৰিজিত আদিত্যই। তেওঁ সমুদ্ৰ গুপ্ত কাশ্যপৰ‌ জৰিয়তে বিষয়টো গুৱাহাটীৰ সংবাদ প্ৰতিষ্ঠান সমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও আহ্বান জনায়।

'চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়'- শিলচৰত সমুদ্ৰ গুপ্ত কাশ্যপৰ মন্তব্য...
গোলাঘাটত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in