
স্বাধীনতা দিৱসৰ দিনটোতে চামগুৰিস্থিত এটি জলপ্ৰপাত ভয়ংকৰ অঘটন।
লুংচুংস্থিত হদহদী জলপ্ৰপাতত জলকেলি কৰিবলৈ নামি সন্ধানহীন তিনিজনকৈ উদীয়মান যুৱক।
সন্ধানহীন যুৱক তিনিজন নগাঁও চৰহৰৰ নীতিন ৰজক, দিনেশ শ্বাহ আৰু ছাদ্দাম।
১০ সমনীয়াৰ সৈতে আজৰি সময় জলকেলি কৰি অতিবাহিত কৰিবলৈ আহিছিল জলপ্ৰপাতটোলৈ।
চামগুৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে যুৱক কেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।