লাম্পী অঞ্চলৰ উন্নয়ন তথা গোৰ্খাসকলৰ সমস্যা সমাধানৰ দাবী চুগপোৰ অধ্যক্ষৰ…

লাম্পী অঞ্চলৰ উন্নয়ন তথা গোৰ্খাসকলৰ সমস্যা সমাধানৰ দাবী চুগপোৰ অধ্যক্ষৰ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, ছমৰীয়া:- শেহতীয়াকৈ চলিত বৰ্ষত আত্মসমৰ্পণ কৰা সংযুক্ত গোৰ্খা জনগোষ্ঠীৰ এটা দলে শুকুৰবাৰে অসম-মেঘালয় সীমান্ত এলেকাৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসমৰ চিৰসেউজ লাম্পী অঞ্চল পৰিদৰ্শন কৰে।

Advertisment

সংগঠনটোৰ অধ্যক্ষ সুৰেছ ঘিমিৰে আৰু ৬ জন সদস্য গোটে লাম্পী অঞ্চল পৰিদৰ্শন কৰে। তেওঁ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আমি চলিত বৰ্ষৰ ২৭ জানুৱাৰীত অস্ত্ৰ-শস্ত্ৰ অসম চৰকাৰৰ ওচৰত সমৰ্পণ কৰিলোঁ আৰু তাৰ পিছত আমি বিভিন্ন ঠাই পৰিদৰ্শন কৰিলোঁ য'ত আমাৰ মানুহে অসমত অসহায়ভাৱে বাস কৰি আছে। গতিকে আমি আমাৰ মানুহ আৰু ঠাইখনক সুৰক্ষিত কৰাটো আমাৰ প্ৰধান কাম্য। আমি লাম্পী পৰিদৰ্শন কৰাৰ কাৰণ হৈছে লাম্পী অঞ্চলত স্বাধীনতাৰ আগতে ১৯২০ চনৰ পৰা এই অঞ্চলত বাস কৰা গোৰ্খা লোকসকলে ব্ৰিটিছৰ জৰিয়তে চৰণীয়া পথাৰসমূহত গৰু পোহপাল কৰি বাস কৰিছিল আৰু স্বাধীনতাৰ পিছত তেওঁলোক ইয়াত আছে, কিন্তু কেইবাজনো লোকে ১৯৭২ চনৰ পিছত কিছু হাৰাশাস্তি পাইছিল আৰু তেওঁলোকে এই ঠাই এৰি গুচি গৈছিল আৰু অসমৰ আন কিছুমান ঠাইলৈ গৈ জীৱন যাপন কৰি আছে।

কিন্তু গোৰ্খা মানুহবোৰ এতিয়াও ইয়াত আছে আৰু আমি আমাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছো। মই জানো যে চৰকাৰে আমাক সহায় কৰিবলৈ সাজু, কিন্তু আমি সুবিধা ল'ব খোজা নাই। মই চৰকাৰক আহ্বান জনাইছো, অনুগ্ৰহ কৰি প্ৰকৃতিৰ এক মনোমোহা লাম্পী অঞ্চলটো চাওক আৰু অতি সোনকালে অঞ্চলটোৰ উন্নয়নৰ চেষ্টা কৰক। আমি অনুৰোধ কৰিছো যে প্ৰশাসনিক ক্ষমতাকে ধৰি আৰক্ষীক উন্নীতকৰণ কৰক। কিয়নো আমি দেখিছো যে তেওঁলোকৰ ক্ষমতা অতি কম।

তেওঁ লগতে কয়,"আমি আত্মসমৰ্পণ কৰিলোঁ, আমাৰ গোৰ্খা লোকসকলৰ সৈতে আগবাঢ়ি আহিবলৈ ইউজিপিঅ' সদায় সাজু। কিন্তু আমাৰ সমাজত যদি কোনো সমস্যাৰ সৃষ্টি হয়, আমি সেই সমস্যাৰ সৈতে যুঁজিবলৈ সাজু। আমি সমস্যাটোৰ সন্মুখীন হ'ম আৰু লগতে আমি আন সম্প্ৰদায়সমূহক অনুৰোধ কৰিছো এই ভূমি ৰক্ষা কৰিবলৈ আগবাঢ়ি আহক।"

ঘিমিৰে লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পৰ্যটন খণ্ড আৰু অন্যান্য খণ্ডত লাম্পী অঞ্চলৰ উন্নয়নৰ বাবেও অনুৰোধ জনায়। কাৰণ ইয়াত পৰ্যটনস্থলী গঢ় দিবলৈ বহুতো সম্ভাৱনা আছে যিয়ে আমাৰ ৰাজ্যখনকো বিকশিত কৰিব পাৰে। চুগপোৰ অধ্যক্ষ সুৰেছ ঘিমিৰে মেঘালয়ত বসবাস কৰা খাচী জনগোষ্ঠীৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,"মই শিলঙত নিজেই পঢ়া-শুনাৰ জীৱন শেষ কৰিলোঁ। গতিকে মেঘালয়ত বসবাস কৰা খাচী জনগোষ্ঠীক চিনি পাইছিলোঁ। তেওঁলোকৰ সংখ্যা কম, কিন্তু এনে নহয় যে তেওঁলোকে আমাৰ গোৰ্খা জনগোষ্ঠীক হাৰাশাস্তি কৰিব।

মই খাচী ছাত্ৰ সন্থা আৰু মেঘালয় চৰকাৰক অনুৰোধ কৰিছো সহায় সহযোগিতা কৰি শান্তিৰে থাকক আৰু ঐক্যবদ্ধভাৱে আমাৰ জাতিটোৰ উন্নয়ন কৰক। কিন্তু এক ইঞ্চি মাটি তেওঁলোকে আহি অধিগ্ৰহণ কৰিব নহ'লে আমি যাম আৰু তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰিব- এয়া আমাৰ মূলমন্ত্ৰ নহয়। আমি গোৰ্খা মানুহবোৰ কেৱল শান্তিপ্ৰেমী বুলি নাভাৱিব। আমি প্ৰয়োজনীয় পদক্ষেপ ল'ব জানো। আমি কেৱল অস্ত্ৰ শস্ত্ৰ হে সমৰ্পন কৰিলোঁ, এইটো নহয় যে আমি এই সকলোবোৰ কথা এৰি দিলোঁ। আমি এতিয়াও জীয়াই আছোঁ আৰু আমি মৃত্যুৰ আগলৈকে ইয়াত বাস কৰিম,আমি আমাৰ সম্প্ৰদায়ৰ বাবে,আমাৰ ৰাষ্ট্ৰ আৰু জাতিৰ বাবে যুঁজিম।" এইদৰে মন্তব্য কৰে চুগপোৰ অধ্যক্ষ সুৰেছ ঘিমিৰে।

assam Assam police guwahati himanta biswa sarma