/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/boko-7.jpg)
ডিজিটেল সংবাদ, ছমৰীয়া- কামৰূপ জিলাৰ বকোৰ খেলুৱৈয়ে নিজকে খেলৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সুদূৰ উত্তৰাখণ্ডত পদক অৰ্জন কৰাৰ লগতে উত্তৰাখণ্ডৰ হৰিদ্বাৰত আয়োজন কৰা নৱম সংখ্যক ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক গেম ২০২২/২৩ ৰ খেলত অসমৰ দলটো দ্বিতীয় সৰ্বোত্তম শ্ৰেষ্ঠ খেলুৱৈ দল হিচাপে সন্মানীত হোৱাৰ লগতে ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক খেলত অসম দলৰ হৈ কামৰূপ জিলাৰ বকোৰ পৰা মুঠ ২৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা ২২ গৰাকীয়ে সোণ, ৰূপ, ব্ৰঞ্জৰ মেডেল পাৱলৈ সক্ষম হৈছে।
উল্লেখ্য যে, বকো ড্ৰেগন ৱাৰিয়ৰছ টাইকোৱাণ্ডো দোজাংৰ প্ৰশিক্ষক দেৱজিৎ ডেকাৰ তৎপৰতাত চৰকাৰৰ ফিট ইণ্ডিয়াৰ আৰ্হিৰে আজাদী কা অমৃত মহোৎসৱৰ আধাৰত আয়োজন কৰা নৱম সংখ্যক ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক খেলত অসম দলৰ হৈ বকোৰ আঠ গৰাকী খেলুৱৈয়ে সোণৰ পদক, আঠ গৰাকী খেলুৱৈয়ে ৰূপৰ পদক আৰু ছয় গৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
সৰ্ব ভাৰতীয় ছাত্ৰ অলিম্পিক সন্থাৰ তত্বাৱধানত আৰু ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক সন্থাৰ উদ্যোগত আয়োজন কৰা অলিম্পিকৰ টাইকোৱাণ্ডো খেলত সন্মান অৰ্জন কৰি বকোলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলক শনিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ বকো মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু শুভেচ্ছা জনায়। খেলুৱৈ সকলক শনিবাৰে বকো উন্নয়ণ খণ্ডৰ কাৰ্য্যালয় চৌহদত থকা প্ৰশিক্ষণ কেন্দ্ৰত সম্বৰ্ধনা জনোৱা হয়।
ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ বকো মণ্ডল সমিতিৰ সভাপতি বিক্ৰম কলিতাৰ সঞ্চালনাত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সভাপতি কৌশিক তালুকদাৰ, সম্পাদক হিৰণ্য কুমাৰ নাথ, বকো মণ্ডলৰ সভাপতি অশ্বিনী পাঠক, ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক মনোজ ভৰালী, জিলা আৰু মণ্ডল সমিতিৰ বহু সংখ্যক বিষয়ববীয়া আৰু খেলুৱৈ সকলৰ অভিভাৱক-অভিভাৱিকা সকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us