অসম-মেঘালয় সীমান্ত সমস্যাক কেন্দ্ৰ কৰি নিদ্ৰাহৰণ সোমাৰং গাওঁবাসীৰ...

অহা ১০ ছেপ্টেম্বৰত উপসমিতিৰ অধ্যক্ষ্য কেবিনেট মন্ত্ৰী অতুল বৰাসহ দলটো জন শুনানিৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত হোৱাৰ কথা। ইফালে ইয়াক লৈ নিদ্ৰাহৰণ হৈছে সোমাৰং গাওঁবাসী।
অসম-মেঘালয় সীমান্ত সমস্যাক কেন্দ্ৰ কৰি নিদ্ৰাহৰণ সোমাৰং গাওঁবাসীৰ...

ডিজিটেল সংবাদ, ছমৰীয়া : ৰাজ্য চৰকাৰে অসম মেঘালয় সীমান্তত বাৰটাকৈ বিবাদমান অঞ্চল চিনাক্ত কৰিছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মধ্যস্থতাত প্ৰথম পৰ্যায়ত ছয়টা অঞ্চলৰ সীমা সমস্যা সমাধান কৰিছে।

পুনৰ দ্বিতীয় পৰ্যায়ৰ ছয়টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰস্তুত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছয়টা বিবাদমান অঞ্চলৰ ভিতৰত অসম মেঘালয় সীমান্তবৰ্তী বকোৰ সীমান্ত চিৰসেউজ লাম্পী অঞ্চলটো অন্তৰ্ভূক্ত।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া উপ সমিতিক লাম্পী অঞ্চলটোত জন শুনানিৰ বাবে আহ্বান জনাইছে। অহা ১০ ছেপ্টেম্বৰত উপসমিতিৰ অধ্যক্ষ্য কেবিনেট মন্ত্ৰী অতুল বৰাসহ দলটো জন শুনানিৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত হোৱাৰ কথা। ইফালে ইয়াক লৈ নিদ্ৰাহৰণ হৈছে সোমাৰং গাওঁবাসী।

চিৰসেউজ লাম্পী অঞ্চলটোৰ অন্তৰ্গত গাৰো বসতিপ্ৰধান অঞ্চল হৈছে সোমাৰং।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া ভূখণ্ড সোমাৰংত চল্লিছ পইচল্লিচটা পৰিয়ালে বসবাস কৰি আছে। গাওঁখনত এখন অসমৰ প্ৰাথমিক বিদ্যালয় আছে। একেদৰে তাত থকা ভোটকেন্দ্ৰত গাওঁবাসীয়ে অসমৰ হৈ ভোট প্ৰদান কৰি আহিছে।

বৰ্তমানেও আধুনিকতা আৰু অধিক চৰকাৰী আচনিয়ে ঢুকি পোৱা নাই গাওঁখনক।পাহাৰীয়া ভূখণ্ড সোমাৰাং গাওঁখনলৈ যাবলৈ দুই তিনিখন পাহাৰ অতিক্ৰম কৰিব লাগে। গাওঁখনলৈ যোৱা পথচোৱা গাওঁবাসীয়ে নিজৰ পকেটৰ ধন খৰচ কৰি বছৰে বছৰে মেৰামতি কৰি যাতায়ত অব্যাহত ৰাখিছে।

অসমৰ এই গাওঁখনৰ বাসিন্দা সকলে যিকোনো পৰিস্থিতিতে চুবুৰীয়া ৰাজ্য মেঘালয়ত চামিল হ'ব নিবিছাৰে। চিৰসেউজ লাম্পীত জন শুনানিৰ বাবে ১০ ছেপ্টেম্বৰত উপসমিতি খন উপস্থিত হোৱাৰ এদিন পূৰ্বে "অসমে আমাৰ মাতৃভূমি","আমি অসমৰ মানুহ মেঘালয়ত নাযাও","অসমত জন্ম অসমতে মৰিম","সোমাৰং গাওঁ অসমতে থাকিব","আমি মেঘালয়ত নাযাও" আদি বিভিন্ন শ্লোগান সম্বলিত হাতে হাতে প্লেকাৰ্ড লৈ বকোত প্ৰতিবাদ সাব্যস্ত কৰে।

গাওঁখনৰ মনছেং মাৰাক নামৰ লোকজনে সংবাদ মাধ্যমক জনায় যে অসমৰ সোমাৰং গাওঁখনৰ এটা ঐতিহ্য আছে। ১৯১৭ চনতে গাওঁখনত ৰাজ্য চৰকাৰে সোমাৰং প্ৰাথমিক বিদ্যালয় খন স্থাপন কৰিছিল। আমি গাওঁ বাসীয়ে বছৰ বছৰ ধৰি অসমৰ বাসিন্দা হিচাপে ভোট প্ৰদান কৰি আহিছো।

তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে গাওঁখনত আজিলৈকে কোনো মন্ত্ৰী বিধায়কে ভৰি দিয়া নাই। তৎস্বতেও আমি অসমৰ নাগৰিক হিচাপে জীয়াই থাকিব বিচাৰো বুলি ৰাজ্য চৰকাৰক কাতৰ আহ্বান জনায়। আনহাতে গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি এনিন্দ্ৰ মাৰাকে সংবাদ মাধ্যমক জনায় যে সীমা সমস্যাক কেন্দ্ৰ কৰি সীমান্তবৰ্তী অঞ্চলৰ গাৰো ভাই-ভাই সকলৰ মাজত ভাতৃঘাটী সংঘৰ্ষৰ সৃষ্টি হৈছে।

একাংশই ৰঙাঘৰৰ আলহী হ'ব লগাও হৈছে। সীমান্তৰ একাংশ গাৰো লোক মেঘালয়ত সমৰ্থন কৰি অসম বিদ্বেষী হৈ পৰিছে। আন একাংশই অসমক সমৰ্থন কৰি নিদ্ৰাহীন জীৱন কটাবলগীয়া হৈছে। উল্লেখ্য যে মেঘালয়ৰ প্ৰৰোচনাত অসম বিদ্বেষী সকলে অসমৰ সমৰ্থনত থকা অসমীয়া সকলক গাওঁৰ পৰা খেদি পঠিওৱাৰ নজিৰ দেখা গৈছে।

অসমৰ সমৰ্থনত থকা অসমীয়া সকলক বলপূৰ্বকভাবে মেঘালয়ত চামিল হোৱাৰ বাবে বল প্ৰয়োগ কৰি আহিছে। অসম মেঘালয় সীমান্তবৰ্তী বকোৰ সীমান্ত মালাং শালবাৰী, মালাং হৌহুৱাপাৰা, গাৰোজান, আপাৰ তাৰাবাৰীৰ পিছতে শেহতীয়াভাৱে অসমৰ সমৰ্থনত থকা সোমাৰাং গাওঁবাসীক মেঘালয়ত চামিলকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিছে অসম বিদ্বেষীয়ে।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীক সভাপতি গৰাকীক আহ্বান জনাই যে অসম মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ সীমা সমস্যা সমাধানৰ পূৰ্বে গাৰো জাতীয় পৰিষদ আৰু অসমৰ সমৰ্থনত থকা গাওঁবাসীৰ সৈতে আলোচনাত মিলিত হ'ব লাগে।

তাৰ পিছত ৰাজ্য চৰকাৰে যি সিদ্ধান্ত ল'ব সেয়া সকলোৰে বাবে সমিচিত হ'ব। অন্যথা সীমান্ত অঞ্চলত ভাতৃঘাটী সংঘৰ্ষৰে ৰক্তাক্তময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি ক্ষোভ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in