/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/samaguri-block-p-h-c.jpg)
অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশক অংগুষ্ঠ চামগুৰি ব্লক পি.এইচ.চিৰ
ডিজিটেল সংবাদ চামগুৰিঃ কোৰোনা মহামাৰীক প্ৰতিহত কৰাৰ লক্ষ্যৰে ইতিমধ্যে ৰাজ্যত তুৰাম্বিত কৰি তোলা হৈছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া । নগাঁও জিলাৰ বিভিন্ন স্থানতো চলি আছে ভেকচিন প্ৰদান কাৰ্যসূচী ।যোৱা ২৭ তাৰিখে নগাঁও জিলা প্ৰশাসনে ভেকচিন প্ৰদান সম্পৰ্কত জাৰি কৰা এক নিৰ্দেশে ৰাইজক বিপাঙত পেলায় । নগাঁৱৰ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰসম্বলীত এক নিৰ্দেশনা মৰ্মে ২৮ জুন তাৰিখে চামগুৰি ব্লক পি.এইচ.চিৰ অন্তৰ্গত ভেৰভেৰী মজলীয়া বিদ্যালয়ত আয়োজন কৰিবলৈ দিছিল এটা মেগা ভেকচিনেচন কেম্প ।যি কথা নগাঁও জিলা প্ৰশাসনে নিজৰ নামত থকা ফেচবুক পেজ যোগেও প্ৰচাৰ কৰিছিল।
ক্লিক কৰি পঢ়কঃ ৩৭০ নিদিলে ৩৭১ অনুচ্ছেদ দিয়কঃ দাবী কাশ্মীৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ
কিন্তু চামগুৰি ব্লক পি.এইচ.চিৰ বিষয়া-কৰ্মচাৰীয়ে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ নিৰ্দেশকো অংগুষ্ঠ প্ৰৰ্দশন কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীৰ নিৰ্দেশটোত উল্লেখ থকা বিদ্যালয়খনৰ পৰিবৰ্তে প্ৰায় ২.৫ কিলোমিটাৰ নিলগত থকা ভেৰভেৰী শ্বহীদ এম.ভি স্কুলতহে ভেকচিন প্ৰদান কেম্পৰ আয়োজন কৰে।নগাঁও জিলা প্ৰশাসনে দিয়া নিৰ্দেশ অনুসৰি সোমবাৰে পুৱাৰে পৰা ভেৰভেৰী এম.ভি স্কুলত ৰাইজে ভেকচিনৰ বাব অপেক্ষা কৰি পাছত বিমুখ হৈ ঘৰলৈ উভতিব লগীয়া হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
আনহাতে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই নগাঁৱৰ ভেৰভেৰী শ্বহীদ এম.ভি স্কুলত স্বাস্থ্য বিভাগে আয়োজন কৰা ভেকচিন কেম্পত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।কোভিড ভেকচিনৰ টোকেন প্ৰদানত অনিয়মৰ অভিযোগ তুলি উত্তেজনা পূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে ৰাইজে । পাছত স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।
উল্লেখ্য যে অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশক ভৰিৰে মোহাৰি নিৰ্দেশনাত উল্লেখিত স্থানৰ পৰিবৰ্তে অন্যস্থানত ভেকচিন প্ৰদান কেন্দ্ৰ স্থাপন কৰা চামগুৰি ব্লক পি.এইচ.চি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে পৰবৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ'ব ।