/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6f36fac1-5742-4344-9780-a055c4d0b6b9.jpg)
ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ জালাহ হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰৰ ক শাখা (খণ্ড নং ৮৩)ত ইভিএম বিসংগতিক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কেন্দ্ৰটোৰ ক শাখাত ইভিএম বিসংগতিৰ বাবে প্ৰায় আঢ়ৈ ঘণ্টা পলমকৈ আৰম্ভ হৈছিল ভোটগ্ৰহণ৷ কিন্তু ৯.২০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাছতে প্ৰায় দহটামান ভোটগ্ৰহণ হোৱাৰ পাছতে পুনৰ ইভিএম বিকল হৈ পৰাত অতিষ্ঠ ৰাইজে উত্তপ্ত কৰি তোলে ভোটদান কেন্দ্ৰটোৰ পৰিস্থিতি৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/0c50f2fb-9d23-49f2-828a-79d75710f957.jpg)
অতিষ্ঠ একাংশ ভোটাৰে বিৰক্তিত ভোটদান নকৰাকৈয়ে গৃহাভিমুখী হয়৷ আনহাতে শাখাটোৰ প্ৰিজাইডিং বিষয়াজনকো ভোটাৰসকলে বিসংগতিৰ কৈফিয়ৎ বিচাৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/e35de1e2-ba0b-4163-8234-c88ae2752cc8.jpg)
পুনৰ ইভিএম বিকলৰ পাছতে ৰাইজে কেন্দ্ৰটোৰ দৰ্জা বন্ধ কৰি দিয়ে আৰু ভোটগ্ৰহণ নতুনকৈ অনুষ্ঠিত কৰাৰ বাবে দাবী জনায়৷ উল্লেখ্য যে, কেন্দ্ৰটোলৈ নতুনকৈ ইভিএম লৈ অহা গাড়ীখনকো ক্ষোভিত ৰাইজে উভতাই পঠায়৷ বৰ্তমানে কেন্দ্ৰটোত বিভাগীয় উচ্চ পদস্থ বিষয়া উপস্থিত হৈ আলোচনা অব্যাহত ৰাখিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/522d1427-43dd-4bab-a7bd-5f4dfae98ca3.jpg)