এছ বি আই বালিজান শাখাত বিদায় সম্বৰ্ধনা সভা...

এছ বি আই বালিজান শাখাত বিদায় সম্বৰ্ধনা সভা...

author-image
Asomiya Pratidin
New Update
এছ বি আই বালিজান শাখাত বিদায় সম্বৰ্ধনা সভা...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ নগৰত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ ক্ষেত্র অধিকাৰী ঋত্বিক ফুকন পদোন্নতি সহ চতিয়া শাখালৈ বদলি হোৱাৰ বাবে বুধবাৰে তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।সেই উপলক্ষে আয়োজিত বিদায় সম্বৰ্ধনা সভাখনৰ আঁত ধৰে এছ বি আই বালিজান শাখাৰ শাখা প্ৰবন্ধক নোমল পেগুৱে।

উক্ত বিদায় সম্বৰ্ধনা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়া আৰু যুৱ ব্যৱসায়ী ধ্ৰুৱ হাজৰিকাৰ লগতে উপস্থিত থাকে ভিডিঅ' জাৰ্ণেলিষ্ট উৎপল নেওগ। এটা সমৰ্পিত মনৰ দক্ষ বেংক বিষয়া ঋত্বিক ফুকনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে সভাত উপস্থিত সকলোৱে।বালিজান শাখাত কৰ্ম সম্পাদন কৰা সময়ত তেওঁ গ্ৰাহক ৰাইজৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত আন্তৰিকতাৰে মনোনিবেশ কৰিছিল।

saiduwar