সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভাৰ আয়োজন

সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ,গুৱাহাটী : বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা "সাহিত্যাচাৰ্য" উপেন্দ্ৰনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত অহা ১৯ ছেপ্টেম্বৰত এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ চান্দমাৰীস্থিত নিৰাময় ভৱনত সভাখনি অনুষ্ঠিত কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

Advertisment

অনুষ্ঠানত‌ সাহিত্যিক শৰ্মাৰ শুভাকাংক্ষী, সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে । উল্লেখ্য যে উপেন্দ্ৰ নাথ শৰ্মা কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আছিল।

Also Read: লেবাননত ধাৰাবাহিক বিস্ফোৰণত নিহত ৯জন, দুই সহস্ৰাধিক আহত

স্মৃতিচাৰণ সভা উপেন্দ্ৰনাথ শৰ্মা