/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7df95a2f-c646-41ff-b9c7-5e8ede742de3/letekupukhuri.jpg)
ডিজিটেল সংবাদ, বান্দৰদেৱা : সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনলৈ দূৰ দূৰণিৰ পৰা অহা বহু সাহিত্যনুৰাগী লোকে দৰ্শন কৰিছে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী। ফলত এক পৰ্যটন থলীলৈ ৰূপান্তৰ হৈছে মহাপুৰুষজনাৰ জন্মস্থান।
লেটেকুপুখুৰী জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীৰ তত্বাৱধানত লেটেকুপুখুৰীৰ দৰ্শনাৰ্থী সকললৈ প্ৰসাদ আৰু ভোগ আগবঢ়াই যথাসাধ্য সেৱা আগবঢ়োৱা হৈছে। কালিৰ দিনটোত লেটেকুপুখুৰীত দৰ্শনাৰ্থী সকলে যথেষ্ট ভীৰ কৰা পৰিলক্ষিত হ'ল। লেটেকুপুখুৰী থান পৰিচালনা সমিতিৰ এই সেৱাৰ বাবে দৰ্শনাৰ্থী সকল আপ্লুত হোৱাৰ লগতে পৰিচালনা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছে।
আৰু পঢ়ক : মহাকাশত ৬.৫ ঘন্টা খোজ কাঢ়িব দুই মহাকাশচাৰীয়ে, চাব পাৰিব সমগ্ৰ বিশ্বই...