জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকন অভিনন্দন সংখ্যা হিচাপে প্ৰকাশ পাব অসম সাহিত্য সভা পত্ৰিকা

জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকন অভিনন্দন সংখ্যা হিচাপে প্ৰকাশ পাব অসম সাহিত্য সভা পত্ৰিকা

author-image
asomiyapratidin
New Update
বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ…

ডিজিটেল ডেস্ক: অসম সভা পত্ৰিকাৰ সপ্তম সংখ্যাটো অসমীয়া সাহিত্য জগতখনলৈ জ্ঞানপীঠ বঁটা লাভ কৰি বিশেষ সুনাম কঢ়িয়াই অনা সাহিত্যিক নীলমণি ফুকন অভিনন্দন বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাহিত্য সভাই |ইতিমধ্যে অসম সাহিত্য সভাই বৰনগৰ সাহিত্য সভাৰ আতিথ্যত বৰনগৰ মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্য নিৰ্বাহক সভাৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড.কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আদৰণী পৰ্বত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাৰ সম্পাদিত অসম সাহিত্য সভা পত্ৰিকাৰ ষষ্ঠ সংখ্যাটো সাহিত্যিক হোমেন বৰগোহাঞি শ্ৰদ্ধাৰ্ঘ্য অসমীয়া সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি
উন্মোচন কৰা হয় |

Advertisment

সম্প্ৰতি অসমৰ সাহিত্য জগতৰ মহীৰূহ অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান প্ৰাপক কবি নীলমণি ফুকন অভিনন্দন বিশেষ সংখ্যা হিচাপে প্ৰকাশ পাব লগীয়া অসম সাহিত্য সভা পত্ৰিকাৰ সপ্তম সংখ্যাটোৰ সম্পাদনাৰ কাম চলি আছে |সেয়েহে অসমীয়া কাব্য সাহিত্যলৈ কবি নীলমণি ফুকনৰ অৱদান, নীলমণি ফুকনৰ কবিতাৰ শৈলী বিচাৰ, নীলমণি ফুকনৰ কবিতাৰ চিত্ৰ কল্প আৰু প্ৰতীক বিচাৰ , আধুনিক অসমীয়া কবিতা আৰু কবি নীলমণি ফুকন,কবি নীলমণি ফুকনৰ শিল্প সাধনা, শিক্ষাবিদ নীলমণি ফুকন,কবি নীলমণি ফুকন মানুহজন আদিৰ লগতে সাহিত্যৰ বিভিন্ন ধাৰা , মতবাদ ,শৈলী বিচাৰ , সাহিত্যৰ প্ৰাচীনতা , কালজয়ী অসমীয়া সাহিত্যৰ বিচাৰ – বিশ্লেষণ আদি বিষয়ক গৱেষণাধৰ্মী প্ৰবন্ধৰ লগতে অন্য বিষয়ৰো গৱেষণামূলক প্ৰৱন্ধ অহা ১০ জুলাইৰ ভিতৰত এই সংখ্যাত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিবলৈ অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মাই অনুৰোধ জনাইছে |

প্ৰতি তিনি মাহৰ মূৰে মূৰে প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ গৱেষণাধৰ্মী পত্ৰিকাখনৰ বাবে সম্পাদকগৰাকীয়ে লেখক -সাহিত্যিকৰ তৰফৰ পৰা ভাষা -সাহিত্য -সংস্কৃতি বিষয়ক গৱেষণালব্ধ প্ৰৱন্ধ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে |লেখক -লেখিকাসকলে পেজমেকাৰ গীতাঞ্জলি ফণ্টত প্ৰৱন্ধটো টাইপ কৰি upendrajitsarma796@gmail.com অথবা asspatrika2020@gmail.com ইমেইলত প্ৰেৰণ কৰিবলৈ পত্ৰিকা সম্পাদকগৰাকীয়ে অনুৰোধ জনাইছে |

প্ৰৱন্ধ প্ৰেৰণৰ বাবে ইচ্ছুক ব্যক্তি বিশেষে প্ৰৱন্ধৰ বিষয় সম্পৰ্কে আগতীয়াকৈ ফোন অথবা ওৱাটচ এপ যোগে যোগাযোগ কৰিব পাৰে |পত্ৰিকা সম্পাদকৰ ঠিকনা -ড.উপেন্দ্ৰজিৎ শৰ্মা ,মুৰব্বী অধ্যাপক ,অসমীয়া বিভাগ ,ভোলানাথ মহাবিদ্যালয়, ধুবুৰী |যোগাযোগৰ ভ্ৰাম্যভাষ নম্বৰ ৮৬৩৮৮২২৬৬৪ অথবা ৯৪৩৫১২৯৮৭৪ (ৱাটচ্ এপপ)|

আৰু পঢ়ক: দলং নিৰ্মাণকাৰী কৰ্মীক ধন দাবী কৰা অভিযোগত দুজনক গ্ৰেপ্তাৰ…

assam sahitya sabha