“ভাষাটো জীয়াই ৰাখিবলৈ হ’লে সাহিত্য জীয়াই থাকিব লাগিব” -ৰঞ্জু হাজৰিকা

“ভাষাটো জীয়াই ৰাখিবলৈ হ’লে সাহিত্য জীয়াই থাকিব লাগিব” -ৰঞ্জু হাজৰিকা

author-image
asomiyapratidin
New Update
“ভাষাটো জীয়াই ৰাখিবলৈ হ’লে সাহিত্য জীয়াই থাকিব লাগিব” -ৰঞ্জু হাজৰিকা

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসমীয়া সাহিত্যৰ ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক দেওবাৰে প্ৰদান কৰা হয় টিয়কপৰীয়া সাহিত্য বঁটা-২০২১। কলিয়াবৰৰ এক বিশেষ অনুষ্ঠানত আজি যোৰহাটৰ টিয়কৰ অগ্ৰনী অনুষ্ঠান শিকলি ৰ উদ্যোগত প্ৰয়াত চন্দ্ৰ কান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণীত ৰঞ্জু হাজৰিকাক টিয়টপৰীয়া সাহিত্য বঁটা টি প্ৰদান কৰা হয়।

Advertisment

এই বঁটাত আছে গামোচা, চেলেং, জাপি, প্ৰস্তুতি পত্ৰ ৰ লগতে নগদ পাঁচ হাজাৰ টকা। কলিয়াবৰৰ চুলুং স্থিত "গ্ৰীণ আছিয়ানা ৰিজৰ্ট" ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজিত সভাত বঁটা গ্ৰহণ কৰি সাহিত্যিক ৰঞ্জু হাজৰিকাই কয় ভাষাটো জীয়াই ৰাখিবলৈ হ'লে সাহিত্য জীয়াই থাকিবৈ লাগিব। সাহিত্য বিহীন ভাবে এটা জাতি সুস্থ আৰু সুস্থিৰ হ'ব নোৱাৰে ৷ আপোনাসৱে প্ৰদান কৰা মৰমে অত্যাধিক অনুপ্ৰেৰণা যোগাইছে আৰু লিখি যোবাৰ অফুৰন্ত শক্তি লাভ কৰি আহিছো ৷ এতিয়া গল্প উপন্যাস পঢ়া পাঠকৰ সংখ্যা কমিছে। সেইদৰে প্ৰকাশকৰো সংখ্যা কমিছে। মই লিখি থাকিব পৰা বয়সলৈকে মই লিখি যাম।" লেখক হাজৰিকাই লগতে কয় এতিয়া কেৱল লিখি খোৱা সাহিত্যিক অসমত নাই। যি আছে ময়ে আছোঁ। বাকী সকলৰ কিবা নহয় কিবা এটা বেলেগ উপাৰ্জনৰ পথ আছে, কেৱল মোৰ নাই।

তেওঁ লগতে আৰু কয় বৰ্তমান সময়ত ফেচবুকত বহু উঠি অহা নতুন চাম লেখকে সাহিত্য চৰ্চা কৰা দেখিছোঁ ভাল কথা। কিন্তু ফেচবুকৰ সাহিত্য একেবাৰেই স্থায়ী নহয় বুলি তেওঁ মন্তব্য কৰে। অৰূপ জ্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত ভাষন প্ৰদান কৰে ক্ৰমে ৰঞ্জু হাজৰিকাৰ বন্ধু তথা তেজপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, টিয়কৰ বিশিষ্ট সমাজকৰ্মী ড০ বিৰিঞ্চি বৰা, বিশ্বজিৎ নাথ, বীনা মহন্ত, সাংবাদিক তপন শইকীয়া আৰু শিশু বন্ধু দুলাল বৰাই।

ভাষন প্ৰসংগত বাসুদেৱ শৰ্মাই চৰকাৰী চাকৰি এৰি সাহিত্যিক হোৱা ৰঞ্জু হাজৰিকাৰ ঘাট প্ৰতিঘাটেৰে ভৰা জীৱন শৈলী আলোকপাত কৰি সকলোকে মুগ্ধ কৰে। ৭৪০ খন গ্ৰন্থ লিখি বিশ্ব খ্যাত হোৱা ৰঞ্জু হাজৰিকাক জ্ঞানপীঠ বঁটাৰ বাবে মনোনীত কৰিবলৈ ভাৰত চৰকাৰ তথা অসম চৰকাৰক দুলাল বৰাই উক্ত সভাতে আহ্বান জনায়। গোপাল কৃষ্ণ বাঢ়ৈ, ৰঞ্জু হাজৰিকাৰ পত্নী প্ৰনিতা হাজৰিকা, ধীৰাজ হাজৰিকা আদি ভালেকেইজন ব্যক্তিয়ে সভাত অংশ গ্ৰহণ কৰে।

আৰু পঢ়ক: বটদ্ৰৱাৰ ঘটনাৰ লগত জেহাদী জড়িত থকাৰ সন্দেহ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ…

assam kaliabor