/asomiyapratidin/media/media_files/2025/03/04/yK4mU0yDbfXMPpVTsYim.png)
স্বাৱলম্বিতাৰ নিদৰ্শন
ডিজিটেল সংবাদ, ধুবুৰী: ৰাসায়নিক সাৰৰে উৎপাদিত শাক পাচলিৰে বজাৰ ভৰি পৰাৰ সময়তে জৈৱিক সাৰ উৎপাদন কৰি চৰ্চালৈ আহিছে ধুবুৰীৰ এজন যুৱক। ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ সাহিদুৰ ৰহমান নামৰ যুৱকজনে এখন জৈৱিক সাৰৰ কাৰখানা খুলি নিজে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন আন শিক্ষিত যুৱক-যুৱতীৰ বাবে এতিয়া আদৰ্শ হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰথমে দোকান এখনেৰে কোনো মতে জীৱন চলাই নিছিল সাহিদুৰ ৰহমানে। পিছে ২০২০ চনৰ পৰা আৰম্ভ হোৱা ল'ক ডাউনত তেওঁৰ দোকান খনো বন্ধ হৈ যায়। তথাপিও নিজৰ অদম্য মনোবল আৰু দৃঢ় লক্ষ্যৰে ঘৰতে কিবা এটা কৰাৰ কথা চিন্তা কৰে যুৱকজনে। ল'ক ডাউনৰ সময়ত ইউটিউবত জৈৱিক সাৰ বা কেঁচুৰ মাধ্যমত জৈৱ পদাৰ্থ পচাই কেনেদৰে ভাৰ্মি কম্পোষ্ট সাৰ তৈয়াৰ কৰা হয় সেই বিষয়ে অধ্যয়ন কৰে। এই বিষয়ে জ্ঞান আহৰণ কৰাৰ পিছত প্ৰথমে তেওঁ নিজৰ ঘৰত ভাৰ্মি কম্পোষ্ট সাৰ তৈয়াৰ কৰি বাৰীৰ শাক-পাচলিত ইয়াৰ প্ৰয়োগ কৰিবলৈ লয়। পিছলৈএই সাৰ প্ৰয়োগ কৰি তেওঁ অভাৱনীয় সাফল্য পোৱাত লাহে লাহে এই ভাৰ্মি কম্পোষ্ট সাৰ প্ৰস্তুতকৰণৰ বাবে ইয়াৰ উৎপাদনৰ পৰিসৰো বৃদ্ধি কৰে। বৰ্তমানে তেওঁ গৌৰীপুৰত থকা ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চৌহদত বহল ভিত্তিত ভাৰ্মি কম্পোষ্ট সাৰৰ প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এতিয়া জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি তেওঁৰ সাৰৰ কাৰখানাৰ পৰা ভাৰ্মি কম্পোষ্ট সাৰ ক্ৰয় কৰি লৈ যোৱা দেখা যায়।
আনহাতে ধুবুৰী জিলা কৃষি বিভাগে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগৱঢ়োৱা সাহিদুৰ ৰহমানে মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ অসম অভিযানৰ অধীনত এক লাখ টকাৰ সাহায্যও লাভ কৰিছিল। সেই টকাৰে তেওঁৰ ভাৰ্মি কম্পোষ্ট সাৰৰ কাৰখানাটো ডাঙৰ কৰি লোৱাত সাৰ প্ৰস্তুত কৰাৰ বাবে বহু সহায় হৈছে বুলি জানিবলৈ দিয়ে। ৰশ্মি অৰ্গেনিক ভাৰ্মি কমপোষ্ট ফাৰ্ম নামেৰে এই সাৰৰ কাৰখানাটো তেওঁ স্থাপন কৰিছে। তদুপৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৱাসীক জৈৱিক সাৰ প্ৰস্তুত কৰি জৈৱিক সাৰৰ দ্বাৰা হোৱা খাদ্যখামগ্ৰী খোৱাৰ বাবে আহ্বান জনোৱাৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে সাহিদুৰে। সাহিদুৰ ৰহমানে জনায়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে তেওঁৰ আদৰ্শ। প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই কামৰ প্ৰতি আৰু অধিক মনোনিৱেশ কৰিছে বুলি উল্লেখ কৰে।