ছহিদ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ বৰাক ভ্ৰমণক আদৰণি বি ডি এফৰ

১৯৬১ ৰ ভাষা আন্দোলনৰ প্ৰায় ৬৫ বছৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ১৯ মে’ত বৰাকৰ ১১ গৰাকী ছহিদলৈ শ্ৰদ্ধা জনাবলৈ আহিব অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল। 

author-image
Asomiya Pratidin
New Update
ছহিদ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ বৰাক ভ্ৰমণক আদৰণি বি ডি এফৰ

ডিজিটেল ডেস্কঃ বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে,  মাতৃভাষাৰ অধিকাৰ ৰক্ষাৰ আন্দোলনত ১৯৬১ চনৰ ১৯ মে’ত ছহিদ হৈছিল বৰাক উপত্যকাৰ এঘাৰগৰাকী সত্যাগ্ৰহী। এই ঘটনাৰ প্ৰায় ৬৫ বছৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ১৯ মে’ত ছহিদলৈ শ্ৰদ্ধা জনাবলৈ বৰাকলৈ আহিব অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল। 

তেওঁলোকৰ এই ভ্ৰমণক স্বাগতম জনোৱাৰ সমান্তৰালকৈ বাংলাভাষীৰ আৰু কিছু দাবীক লৈ চৰকাৰৰ সৈতে আলোচনা কৰাৰ আবেদন জনাইছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে। বি ডি এফ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আজি বি ডি এফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে কয়, অসম সাহিত্য সভাৰ ফালৰ পৰা এটা প্ৰতিনিধি দল অহা ১৭ ৰ পৰা ১৯ মে’ত বৰাক উপত্যকা ভ্ৰমণলৈ অহাৰ যি সিদ্ধান্ত লোৱা হৈছে তাক স্বাগতম জনাইছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে। 

তেওঁ আশা কৰে যে দুই উপত্যকাৰ ভাষিক জনগোষ্ঠীৰ মাজত যি ভুল বুজাবুজিৰ সৃষ্টি হৈছে তাৰ অৱসানত অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয়, বি ডি এফৰ পক্ষৰ পৰা ইয়াৰ পূৰ্বেই বৰাকত অসম সাহিত্য সভাৰ অধিবেশন আয়োজন আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলাভাষীসকলৰ যৌথ অধিবেশন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। 

তেওঁ কয়, একমাত্ৰ সঠিক আৰ্থ সাংস্কৃতিক আদান, প্ৰদানৰ মাধ্যমতেই দুই ভাষিক জনগোষ্ঠীৰ মাজত সমন্বয় ৰচনা হ’ব পাৰে। সেয়ে অসম সাহিত্য সভাৰ এইবাৰৰ ভ্ৰমণ সেই উদ্দেশ্য পূৰণত সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। 

বি ডি এফৰ মুখ্য আহ্বায়কগৰাকীয়ে আৰু কয়, শিলচৰ ৰে’ল ষ্টেচন যি ভাষা ছদিহৰ ৰক্তৰে ৰাঙলী হৈছিল তাৰ নাম পৰিবৰ্তন কৰি ভাষা ছহিদ ষ্টেচন কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে বৰাক উপত্যকাবাসীয়ে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰে’লমন্ত্ৰণালয়ৰ সেউজ সংকেটৰ স্বত্বেও দিছপুৰৰ নিষ্ক্ৰিয়তাৰ ফলত এই ফাইল এতিয়াও পৰি আছে। 

তেওঁ অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক এই বিষয়ত চৰকাৰৰ সৈতে আলোচনা কৰি অহা ১৯ মে’ত এই সন্দৰ্ভত চূড়়ান্ত ঘোষণাৰো আহ্বান জনাইছে। প্ৰদীপ দত্তৰায়ে আজিৰ সংবাদ মেলত আৰু কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত সময়ত ভাষা ছদিহলৈ শ্ৰদ্ধাঞ্জলিৰে এটি ভাষা ছহিদ স্মাৰক সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। পাছত ইয়াৰ বাবে চৰকাৰে ধন নিৰ্ধাৰণ কৰাৰ সমান্তৰালকৈ অসম বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ৫ বিঘা ভূমিও দান কৰা হৈছিল। 

কিন্তু তাৰ পিছতো এই প্ৰকল্প আগ নাবাঢ়িল। সেয়ে এই বিষয়তো দৃষ্টি আকৰ্ষণ কৰি অসম সাহিত্য সভাৰ প্ৰতিনিধিসকলক চৰকাৰৰ সৈতে আলোচনা কৰাৰ আবেদন জনাইছে বি ডি এফৰ আহ্বায়কগৰাকীয়ে। তেওঁ আৰু কয়, বাংলাক ৰাজ্যৰ চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বিষয়টোও ওলমি আছে। এই বিষয়টো উল্লেখ কৰি তেওঁ বড়ো ভাষাক সহযোগী ভাষাৰ মান্যতা দিয়াৰ বাবে চৰকাৰক অভিনন্দন জনায়ো কয়, বঙালীসকলৰো দাবীক পূৰণ কৰিবলৈ সকলোৱে উদ্যোগ গ্ৰহণ কৰিব লাগিব। 

তেওঁ কয়, এইসকলো পদক্ষেপ গৃহীত হলে ৰাজ্যৰ বাংলাভাষীসকল আন্তৰিকভাৱে সুখী হ’ব আৰু ভাষিক সমন্বয়ৰ সেতু দৃঢ় হ’ব। বি ডি এফৰ মিডিয়া চেলৰ আহ্বায়ক জয়দীপ ভট্টাচাৰ্যয়ো ছহিদ দিৱসৰ প্ৰাকক্ষণত অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ বৰাক উপত্যকাৰ ভ্ৰমণৰ সিদ্ধান্তৰ স্বাগতম জনাইছে আৰু বৰাক তথা ৰাজ্যৰ বঙালী ভাষীসকলৰ অন্যান্য দাবীসমূহ পূৰণত অসম সাহিত্য সভাৰ সহযোগিতাৰ আহ্বান জনাইছে। 

অসম সাহিত্য সভা বৰাক উপত্যকা