ছগ্ৰা মিছাৱা উদযাপনত তুলিৰাম ৰংহাঙৰ অংশগ্ৰহণ

পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদীয় সমষ্টিৰ উমছুবাই আমচাই পিনুং গাওঁত  তিৱা জনজাতীয় অতিকৈ পুৰণি উৎসৱ ছগ্ৰা মিছাৱা অতি উলহে-মালহে উদযাপন কৰা হয় ৷ স্থানীয় ৰাইজে জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে ৷

author-image
Asomiya Pratidin
New Update
পশ্চিম কাৰ্বি আংলঙত ছগ্ৰা মিছাৱা উৎসৱ

পশ্চিম কাৰ্বি আংলঙত ছগ্ৰা মিছাৱা উৎসৱ

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদীয় সমষ্টিৰ উমছুবাই আমচাই পিনুং গাওঁত  তিৱা জনজাতীয় অতিকৈ পুৰণি উৎসৱ ছগ্ৰা মিছাৱা অতি উলহে-মালহে উদযাপন কৰা হয় ৷ স্থানীয় ৰাইজে জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে ৷ এই উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সহ স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্য্যবাহী সদস্য ডি উফিং মাছলাই আৰু তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-শিল্পীসকলে অংশ গ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে, ছগ্ৰা মিছাৱা বা ছগ্ৰা পূজা তিৱা জনগোষ্ঠী কৃষিভিত্তিক লোক-উৎসৱ। তিৱাসকলে চ’তৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰৰপৰা ছগ্ৰা মিছাৱা পালন কৰে। ছগ্ৰা মানে সকলোৱে আৰু মিছাৱা মানে নাচা অৰ্থাৎ ছগ্ৰা মিছাৱা মানে সকলোৱে মিলিজুলি নৃত্য কৰা। এই উৎসৱে খেতিৰ বতৰৰ আৰম্ভণি চিহ্নিত কৰে।

পশ্চিম কাৰ্বি আংলং কাৰ্বি আংলং তুলিৰাম ৰংহাং