/asomiyapratidin/media/media_files/2024/12/11/kDi3Ow5HgyqWe5Fx0RBd.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহুকেইগৰাকী কাব্য-মনীষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি আৰু কবিতাৰ বাবে জন্মলাভ কৰিছিস ‘সদৌ অসম কবি সন্মিলন’। কবিতাক কেন্দ্ৰ কৰি গঠন হোৱা সদৌ অসম কবি সন্মিলনেই হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ বৃহৎ জাতীয় কাব্য সংগঠন।
প্ৰতিষ্ঠা কালৰে পৰা এই বৃহৎ জাতীয় অনুষ্ঠানটিয়ে সুদীৰ্ঘ সাতত্ৰিছ বছৰে অসমৰ কাব্যজগতত ন ন কাৰ্যসূচী সম্পাদন কৰি কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ শিৱসাগৰ অধিবেশনত অসমৰ কাব্যৰ পথাৰলৈ অৱদান আগবঢ়োৱা কবি-সাহিত্যিকসকলক তেখেতসকলৰ সাধনাৰ বাবে সদৌ অসম কবি সন্মিলনৰ ‘পৃথিৱীৰ কবি ৰাম গগৈ কাব্য বঁটা’, ‘কবিপ্ৰাণ আনন্দ দত্ত কাব্য বঁটা’, ‘কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ কাব্য বঁটা’, ‘অবনী চক্ৰবৰ্তী কাব্য বঁটা’, ‘বেণু চিৰিং বঁটা’, ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি কাব্য বঁটা’, ‘সম্প্ৰীতি (টুকটুক) শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান’, 'কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা’, ‘আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা’, ‘পৰেশ মল্ল বৰুৱা সোঁৱৰণী অনুবাদ কাব্যগ্ৰন্থ বঁটা’ প্ৰদান কৰা হ’ব।
পৃথিৱীৰ কবি ৰাম গগৈ কাব্য বঁটাৰ বাবে ২০২৩-২৪ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ তিনিটা কপি, কবিপ্ৰাণ চুজাউদ্দিন আহমদ কাব্য বঁটাৰ বাবে চল্লিশ বছৰ অনুৰ্ধ্বৰ কবিৰ ২০২৩-২৪ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ তিনিটা কপি, ত্ৰিশ বছৰ অনুৰ্ধ্ব কবিৰ পঁচিশটা কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত ‘অবনী চক্ৰবৰ্তী কাব্য বঁটা’, ২০২৩-২৪ বৰ্ষত প্ৰকাশিত এখন আলোচনাত্মক গ্ৰন্থৰ বাবে ‘বেণু চিৰিং বঁটা’, দহটা সন্ত্ৰাসবিৰোধী কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত পঁচিশ বছৰ অনুৰ্ধ্ব কবিক ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি কাব্য বঁটা’ আৰু বিশ বছৰ অনুৰ্ধ্ব কবিৰ ২০২৩-২৪ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিত্তিত ‘কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা’, পঁচিশটা কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত ওঠৰ বছৰ অনুৰ্ধ্ব কাব্যচৰ্চাকাৰীক ‘আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা’, পৰেশ মল্ল বৰুৱা সোঁৱৰণী(সকলো বয়সৰ বাবে মুকলি) অনুবাদ কাব্যগ্ৰন্থ বঁটা আৰু এগৰাকী চল্লিশ বছৰ অনুৰ্ধ্ব কবিক সম্প্ৰীতি(টুকটুক) শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান প্ৰদান কৰা হ’ব।
এই বঁটাসমূহৰ বাবে অসমৰ ইচ্ছুক কবি, সাহিত্যিকৰ পৰা কাব্যগ্ৰন্থ, আলোচনাত্মক গ্ৰন্থ, কবিতাৰ পাণ্ডুলিপিৰ তিনিটাকৈ কপি, বায়’ডাটা, বয়সৰ প্ৰমাণ পত্ৰসহ(প্ৰয়োজন সাপেক্ষে) অহা ২২ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ চৈয়দ পাৰভিজ হুচেইন, প্ৰধান সম্পাদক, সদৌ অসম কবি সন্মিলন, সংস্কৃতি প্ৰকাশন, মক্তব স্কুলৰ সন্মুখত, মহাত্মা গান্ধী পথ, যোৰহাট-১ এই ঠিকনাত প্ৰেৰণ কৰিবলৈ সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে ৷