
ডিজিটেল সংবাদ, কলিয়াবৰঃ যি সময়ত একাংশই মাটিৰ বাবে কাজিয়াত লিপ্ত হৈছে তেনে সময়তে প্ৰায় ৩০ লাখ টকা মূল্যৰ মাটি এজনে ৰাইজৰ কামৰ বাবে দান দিলে। নিজৰ নামত থকা ম্যাদি পট্টাৰ মাটি নিজৰ অঞ্চলৰ ৰাইজৰ এটুপি খোৱা পানীৰ প্ৰকল্প নিৰ্মানৰ নিমিত্তে চৰকাৰৰ ঘৰলৈ দান দিয়া কথাই বৰ্তমান সময়ত ৰাইজক বেচ আনন্দ দিয়া পৰিলক্ষিত হৈছে।
কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলিয়াবৰ তিনি আলিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বাসিন্দা সাধন বৰদলৈ নামৰ ব্যক্তি জনে নিজ গাঁৱৰ মানুহ খিনিৰ বাবে জলজীৱন আঁচনি ৰূপায়নৰ বাবে বহু মূল্যৱান মাটি দান কৰা কথাই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। বৰভগীয়া মৌজাৰ অন্তৰ্গত কুঁৱৰীটোল কিছামতৰ ৪৫৯ ডাগ নম্বৰৰ একঠা পাঁচ লেচা বাৰি মাটিতে প্ৰকল্পটোৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। প্ৰকল্পটো নিৰ্মাণ হ'লে কলিয়াবৰ তিনি আলিৰ লগতে ভৰালীপুৰ, হাতীগাওঁ আৰু দাৰিগজি অঞ্চলৰ প্ৰায় হাজাৰৰো অধিক জনসংখ্যা উপকৃত হ'ব বুলি ক'ব পাৰি।
উল্লেখ্য যে, উক্ত অঞ্চলৰ মানুহ খিনিয়ে বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বঞ্চিত হৈ আহিছিল। গাওঁ খনত দমকল, কুৱাঁৰ পৰা ওলোৱা পানী স্বাস্থ্য জনীত নোহোৱাৰ বাবেই সৰ্বসাধাৰণ ৰাইজে দীৰ্ঘ দিন ধৰি জীয়াতু ভোগ কৰি আহিছিল। চৰকাৰী মাটি নোহোৱাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী আহৰণৰ বাবে কোনো প্ৰকল্প নিৰ্মাণ কৰিব পৰা হোৱা নাছিল।
ফলত এনেকৈয়ে বহু বছৰ অতিক্ৰম কৰিলে যদিও স্থানীয় বাসিন্দা সাধন বৰদলৈ নামৰ মহানুভৱতাৰ পৰিচয় দিয়া মানুহ জনে ভাবিলে আমাৰ প্ৰজন্মটো এনেদৰে পাৰ হ'ল যদিও পাছৰ প্ৰজন্মৰ মানুহ খিনিয়ে অন্ততঃ বিশুদ্ধ পানী সেৱন কৰিব পৰাকৈ এটা পানী প্ৰকল্পৰ নিৰ্মাণ হওঁক। সেই বুলি ভাবি নিজৰ মাটিকে চৰকাৰলৈ দান আগবঢ়োৱাৰ কথা ব্যক্ত কৰে। এই বিষয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তকো অৱগত কৰাৰ কথা তেওঁ দোহাৰে।
আজি নিজে দান দিয়া মাটিখিনিৰ ওপৰত ঠিয় হৈ বৰদলৈয়ে সাংবাদিকক কয় মানুহে সাধ্যানুসৰি জীয়াই থকা দিন কেইটাত গাওঁ অথবা সমাজৰ উন্নতিৰ হকে কাম কৰাৰ কথা চিন্তা কৰা উচিত। আজিৰ সমাজত উদাৰ, মানবীয়তা আৰু ত্যাগ আদি এই শব্দবোৰ হেৰাই যোৱাৰ উপক্ৰম ঘটাটো সমাজৰ বাবে শুভ লক্ষণ নহয় বুলিও তেওঁ দোহাৰে। সাধন বৰদলৈৰ এনে পদক্ষেপক এতিয়া কলিয়াবৰীয়া ৰাইজে ভুয়সী প্ৰশংসা কৰিছে।