/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Putin-Modi.jpg)
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ লগত টেলিফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভাৰতীয় সকলক সুৰক্ষিত ভাৱে উদ্ধাৰৰ বাবে আলোচনা কৰে দুয়োজনে।
ইয়াৰ মাজতে ৰাছিয়াই কয় যে যুদ্ধগ্ৰস্থ ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ এটা কৰিডৰ নিৰ্মাণ কৰি আছে। ভাৰতত ৰাছিয়াৰ ৰাজদূত ডেনিছ অলীপোবে বুধবাৰে এই বিষয়ে জনাই।তেওঁ কয় যে ইউক্ৰেইনত ভাৰতীয় ছাত্ৰৰ মৃত্যুক লৈ তেওঁলোক অতি দুখিত আৰু ছাত্ৰ গৰাকীৰ মৃত্যুৰ তদন্ত কৰা হ'ব।
তেওঁ ছাত্ৰ গৰাকীৰ পৰিয়াল তথা আপোনজনক সমৱেদনা জ্ঞাপন কৰিছে।লগতে কয় যে ইউক্ৰেইৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰাৰ বাবে সকলো ধৰণৰ সহায়েই ৰাছিয়াই কৰিব।
মঙলবাৰে ৰাছিয়াৰ সৈনিকৰ গুলীত নিহত হয় ২১ বছৰীয়া ভাৰতীয় মেডিকেল ছাত্ৰৰ।ভাৰতে ইতিমধ্যে ইউক্ৰেউইনৰ যুদ্ধগ্ৰস্থ এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে।ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশকে ভাৰতীয় নমাগৰিক সকলক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰাৰ বাবে সহায় বিচাৰিছে।