ৰূপহীহাট আৰক্ষী থানাত অব্যাহত আছে দালালৰ দপদপনি...

ৰূপহীহাট আৰক্ষী থানাত গোছৰ মীমাংসাৰ নামত মুকলি কৈ দালালিত নমাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই
rupohihat
rupohihat

ডিজিটেল সংবাদ, ৰূপহীহাট : -ৰূপহীহাট আৰক্ষী থানাত গোছৰ মীমাংসাৰ নামত মুকলি কৈ দালালিত নমাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই ৷ প্ৰাপ্ত খবৰ মতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই থানাৰ দালালৰ বিৰুদ্ধ কঠোৰ পদক্ষেপ লোৱাৰ সময়তে এক বিপৰীত ছবি দেখা পোৱা গৈছে ৰূপহীহাট আৰক্ষী থানাত ৷

ৰূপহীহাট আৰক্ষী থানাত এতিয়াও অব্যাহত আছে দালালৰ দপদপনি ৷ ৰূপহীহাট আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ অতি ঘনিষ্ট বুলি জাহিৰ কৰি মুকলি কৈ দালালিত নামিছে জনৈক আবু আনচাৰী নামৰ দালালজন ৷

আবু আনচাৰী নামৰ দালালজনে গোছৰ মীমাংসাৰ নামত ১০ হাজাৰ টকা উৎকোচ লোৱাৰ এক গুৰুতৰ অভিযোগ তুলিছে ৰূপহীহাটৰ বৰপেটাৰ এগৰাকী মহিলাই ৷ এই কথা মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ মহিলা গৰাকীয়ে মুকলিকৈ এনে অভিযোগ কৰাৰ পিছত স্বানীয় লোকে এনে কাৰ্য বন্ধৰ দাবী জনাইছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in