ৰূপহীহাটৰ পশ্চিম হাতীপাৰাৰ পুখৰীৰ পৰা উদ্ধাৰ সুৰা, ড্ৰাগছ, গাঞ্জা…

ৰূপহীহাটৰ পশ্চিম হাতীপাৰাৰ পুখৰীৰ পৰা উদ্ধাৰ সুৰা, ড্ৰাগছ, গাঞ্জা…

author-image
asomiyapratidin
New Update
ৰূপহীহাটৰ পশ্চিম হাতীপাৰাৰ পুখৰীৰ পৰা উদ্ধাৰ সুৰা, ড্ৰাগছ, গাঞ্জা…

ডিজিটেল সংবাদ, ৰূপহীহাট : নগাঁও জিলাৰ ৰূপহীহাটত আকৌ এটা নাশ্ৰুত নাভূত ঘটনাই ৰূপহীহাটৰ পশ্চিম হাতীপাৰা অঞ্চলত জোকাৰণি তুলিছে মদ,ভাং, ড্ৰাগছ আদি মাদক দ্ৰব্যৰ ঘটনাই ৷ প্ৰশাসনে এইবোৰ নিবাৰণৰ বাবে দিনে নিশাই যুঁজ চলাই আছে যদিও, এতিয়াও একাংশ ব্যক্তিয়ে প্ৰশাসনৰ চকুত ধূলি দি সেইবোৰ কাৰ্য্য চলাই যাবলৈ সক্ষম হৈছে।

যিবোৰ কাণ্ডই নৱ প্ৰজন্মক ঠেলি দিছে ধ্বংসৰ গৰাহলৈ। নগাঁও জিলাৰ ৰূপহীহাটত দিনক দিনে বাঢ়ি গৈছে মদ, জুৱা, ড্ৰাগছ, ব্যেইচা, বাল্য বিবাহ ঘটনা ৷ পশ্চিম হাতীপাৰা অঞ্চলৰ অবৈধ সুৰা ব্যৱসায়ী ৰছিদুল হকৰ ঘৰৰ পিছফালে থকা পুখুৰীত উদ্ধাৰ হয় বুজন পৰিমানৰ অবৈধ বিলাতী সুৰা, গাঞ্জা আৰু ড্ৰাগছ ৷ স্থানীয় ৰাইজৰ তৎপৰতাত দেওবাৰে দুপৰীয়া উদ্ধাৰ হয় অবৈধ সামগ্ৰী খিনি ৷

জানিব পৰা মতে অবৈধ ব্যৱসায়ী ৰছিদুল হকে প্ৰশাসনৰ চকুত ধূলি দি দীৰ্ঘদিনৰে পৰা চলাই আহিছিল সুৰা, ড্ৰাগছ আৰু গাঞ্জাৰ অবৈধ ৰমৰমীয়া বেহা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ প্ৰতিবাদমুখী হৈ পৰা পৰিলক্ষিত হয় ৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল ৷

লগতে উক্ত কলা ব্যৱসায়ী ৰছিদুল হকক স্থানীয় ৰাইজে ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজুতলৈ প্ৰেৰণ কৰাৰ দাবী তোলে। ৰছিদুলৰ লগত পত্নী আকলিমা খাতুন জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

assam Assam police himanta biswa sarma nagaon