ৰূপহীহাটত জব্দ ৬০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক…

ৰূপহীহাটত জব্দ ৬০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক…

author-image
asomiyapratidin
New Update
ৰূপহীহাটত জব্দ ৬০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক…

প্ৰতিদিন ডিজিটেল সংবাদ, ৰূপহীহাট : বৃহস্পতিবাৰে নিশা ৰূপহীহাটত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৬০ টাকৈ ড্ৰাগছ ভৰ্তি কন্টাইনাৰসহ দুটাকৈ ড্ৰাগছ সৰবৰাগকাৰীক আৰক্ষীয়ে আটক কৰে।

Advertisment

ৰূপহীহাটৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে থানাৰ বিষয়া গৰাকীয়ে সন্ধিয়াৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি জিউমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নিশা ভাগত উক্ত ড্ৰাগছ আৰু সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা কাৱৈমাৰীৰ বাবুল হুছেইন আৰু পুঠিখাইতিৰ ৱাহিদুল ইছলাম ৷ জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৮৭,৭৪ গ্ৰাম । ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে ৷

assam Assam police himanta biswa sarma