/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/rupohihaaat-1.jpg)
ডিজিটেল সংবাদ, ৰূপহীহাট : নগাঁও উত্তৰাঞ্চলত অৱস্থিত লাওখোৱা অভয়াৰণ্যৰ এগৰাকী চৰকাৰী চাকৰিয়ালক অগপ দলত যোগদান কৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চাকৰিৰ পৰা অৱসৰ বা অব্যাহতি নোলোৱাকৈ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অগপত যোগদান কৰিলে লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ বন শিবিৰ কাৰ্যালয়ৰ বন বিষয়া নৌছেদ আলী আহমেদে ।
চৰকাৰী চাকৰিয়ালে প্ৰত্যক্ষভাৱে ৰাজনীতিত যোগ দিব নোৱাৰে বুলি যি নীয়ম প্ৰচলিত হৈ আহিছে তাক উলংঘন কৰি এনে আজৱ কাণ্ড সংঘটিত কৰা বন বিভাগৰ কৰ্মচাৰীৰ কাণ্ডত এতিয়া হতবাক হৈছে সচেতন ৰাইজ । উল্লেখ্য যে কোনো ৰাজহুৱা সভা সমিতি নহয়, এটা ৰুদ্ধ কোঠাত কেইজনমান লোকৰ সৈতে মন্ত্ৰীৰ কাষত উপস্থিত হৈ এইজন বিষয়াই দলীয় প্ৰতীক পৰিধান কৰে ।
কেৱল এয়াই নহয় সকলো নীতি নিয়মক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা যোগদানৰ সদস্য পদৰ পৰিচয় পত্ৰও সংগ্ৰহ কৰিলে বনকৰ্মী জনে । এই আজৱ কাণ্ডৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে । এগৰাকী চৰকাৰী চাকৰিয়ালক এইদৰে ৰাজনৈতিক দলত যোগদান কৰাই মন্ত্ৰী মহন্তই ৰাজনৈতিক নৈতিকতাক ভেঙুচালী কৰা নাই নে।
প্ৰশ্ন উত্থাপন হৈছে যে কোনো ৰাজহুৱা সভাত এই যোগদান প্ৰক্ৰিয়া চলিলে মানুহজনৰ পেছা-পৰিচয় নজনাটো স্বাভাৱিক কথা হ'লহেতেন । কিন্তু এক প্ৰকাৰ এটা ৰুদ্ধ কোঠাত স্থানীয় দলীয় নেতা-কৰ্মীয়ে লৈ যোৱা লোকজন চাকৰিয়াল বুলি জানিও মন্ত্ৰী মহন্তই ক্ষমতাৰ খকত ৰাজনৈতিক মূল্যবোধক জলাঞ্জলি দিয়া বুলি চৰ্চা চলিছে ।
আন একাংশৰ মতে সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপি মিত্ৰজোঁটৰ ভেটি মজবুত কৰাৰ বাবে এইদৰে চৰকাৰী চাকৰিয়ালক ভয় ভাবুকি বা প্ৰলোভন দি নিজৰ দলত যোগদান কৰোৱা বুলি অভিযোগ উৎত্থাপিত হৈছে ।