ৰূপহীহাটৰ ছাইদৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

ৰূপহীহাটৰ ছাইদৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

প্ৰতিদিন ডিজিটেল সংবাদ, ৰূপহীহাট : ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ছাইদৰীয়াত বুধবাৰে নিশা প্ৰায় ৮মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হয় ৷ এখন তীব্ৰবেগী মটৰ চাইকেল আৰু এখন চাইকেলৰ মাজত মুখামুখি সংৰ্ঘষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

Advertisment

উক্ত পথ দুৰ্ঘটনাত নিহত হোৱা লোকজন নিকতৱৰ্তী কোঁচগাঁৱৰ চাইকেল আৰোহী মোবাৰক আলী ৷ দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ এএছ ০২ একচ ০৫৩৭ ৷ দুৰ্ঘটনা সংঘটিত কৰি বাইক আৰোহি জন আন্ধাৰৰ সুবিধা লৈ লগে লগে পলায়ন কৰে ৷

দুৰ্ঘটনা সংঘটিত কৰা ব্যক্তিগৰাকীৰ পৰিচয় পোৱা নাই যদিও ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে আৰু পলায়ন কৰা লোক জনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে ৷

assam Assam police road accident