ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩ জন…

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩ জন…

author-image
asomiyapratidin
New Update
ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩ জন…

প্ৰতিদিন ডিজিটেল সংবাদ, ৰূপহীহাট : শনিবাৰে নিশা নগাওঁ নলতলী ৩৭ নং ৰাজ্যিক ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ইছব আলী, অতুল মণ্ডল আৰু হৰিদাস পণ্ডিত ওৰফে সুব্ৰত।

ৰূপহী পেট্ৰল পাম্পৰ কৰ্মচাৰী অতুল মণ্ডল আৰু হৰিদাস পণ্ডিত ওৰফে সুব্ৰতই নিজৰ ঘৰলৈ বুলি নিশা বৰতল অভিমুখে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত ছাইদৰীয়াত এজন চাইকেল আৰোহী ইছব আলীক খুন্দা মৰাৰ ফলত তিনিও জন পথত বাগৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

এইদৰে পৰি থকা লোক কেইজনৰ বিষয়ে স্থানীয় আৰক্ষীক জনোৱাত ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আহত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেল খনৰ নম্বৰ এএছ ০২ এএফ ৭৮০০ ৷

assam Assam police