ৰঙিয়াত যুৱ ব্যৱসায়ী ৰূপজ্যোতি লহকৰৰ মৃত্যু

ৰঙিয়াত যুৱ ব্যৱসায়ী ৰূপজ্যোতি লহকৰৰ মৃত্যু

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াৰ যুৱ ব্যৱসায়ী ৰূপজ্যোতি লহকৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত । উল্লেখ্য যে কিছুদিন ধৰি শৰীৰত নিউমোনিয়াত আক্ৰান্ত হৈ অধিক অবনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰাইছিল। কিন্তু চিকিৎসাধীন অৱস্থাত বুধবাৰে পুৱা ৭:৩০ বজাত লহকৰে মৃত্যুক সাৱটি লয় । মৃত্যুৰ সময়ত লহকৰে পত্নী, মাক-দেউতাকৰ লগতে এগৰাকী বাইদেউক এৰি থৈ যায় ।

ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা ২০০৬ চনত হাইস্কুলীয়া শিক্ষা জীৱন আৰম্ভ কৰা যুৱ ব্যৱসায়ী লহকৰ সাংস্কৃতিক দিশত যথেষ্ট পৰিমাণে জড়িত আছিল । তদুপৰি সমাজৰ সমস্যাৰ ক্ষেত্ৰতো আগৰণুৱা লহকৰে ফাৰ্মাছি শিক্ষা গ্ৰহণ কৰি পিছত ৰঙিয়াৰ ছছাইটি চকত নিউটন ড্ৰাগ আৰু ড্ৰিষ্টিবিউটৰ নামেৰে ফাৰ্মাছি খুলি জীবিকা পথ লৈছিল ।

ৰঙিয়াত যুৱ ব্যৱসায়ী ৰূপজ্যোতি লহকৰৰ মৃত্যু
চৰকাৰী আঁচনিৰে বিহু পাতিব অসমীয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in