বানপানী ৰাষ্ট্ৰীয় সমস্যা হোৱাটো বিচাৰো, বিধানসভাত চৰ্চা হ’ব: বিধায়ক কুৰ্মী

বানপানী ৰাষ্ট্ৰীয় সমস্যা হোৱাটো বিচাৰো, বিধানসভাত চৰ্চা হ’ব: বিধায়ক কুৰ্মী

author-image
asomiyapratidin
New Update
বানপানী ৰাষ্ট্ৰীয় সমস্যা হোৱাটো বিচাৰো, বিধানসভাত চৰ্চা হ’ব: বিধায়ক কুৰ্মী

ডিজিটেল সংবাদ,নগাঁও : ভয়াবহ বান পৰিস্থিতিৰ ওপৰত আগন্তুক বিধাসভা অধিবেশনত চৰ্চা হ'ব ৷ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হোৱাটো বিচাৰো – এই বক্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ নগাঁৱত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জলবিদ্যুত প্ৰকল্পই ৰাজ্যত ভয়াবহ বান পৰিস্থিতি সৃষ্টি কৰাৰ কথা উল্লেখ কৰা কয় যে বাঢ়নী পানী আৰু জলবিদ্যুত প্ৰকল্পই বানৰ মূল কাৰণ ৷ চৰকাৰে এই বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ সুবিধা পাইছে ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেওবাৰে বান সাহাৰ্য প্ৰদান কৰাৰ অৰ্থে নগাঁও সদৰ বিধান সভা সমষ্টিত উপস্থিত হয় ৷ তিনিখন বলেৰ' পিক আপ ভানত আলু , পিয়াজ, চাউল , দালি , নেপকিন আদি লৈ ৰাঙলুমূখত উপস্থিত হয় কুৰ্মী ৷ বিধায়ক কুৰ্মীয়ে নিজৰ পিঠিৰে গাড়ীৰ পৰা বান সাহাৰ্য কঢ়িয়াই বৰ্ন্যাতৰ মাজত বিতৰণ কৰে ৷

বন্যাৰ্তৰ লগত মত বিনিময় কৰাৰ লগতে বৃদ্ধ লোকৰ সুখদুখৰ সমভাগী হয় বিধায়ক ৰূপজ্যোতি ৷ ৰূপজ্যোতিৰ বান সাহাৰ্য প্ৰদান কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি আগভাগ লয় আৰু ৰূপজ্যোতি কুৰ্মীৰ ধন্যবাদ জনায় ৷

আৰু পঢ়ক: একাংশই 'গো'ক পূজা কৰে, ঈদত 'গো' কুৰবাণী নিদিবলৈ আহ্বান আজমলৰ

nagaon assam