
ডিজিটেল সংবাদ,বেবেজীয়া: যুৱক জনৰ নাম ৰূপজ্যোতি বেজবৰা। ঘৰ নগাওঁ জিলাৰ বেবেজীয়া পৰা ১ কিলোমিটাৰ নিলগৰ মাহৰি আতি গাওঁত । উল্লেখযোগ্য যে ১৯৯৬ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত নগাঁও মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ তেওঁ অসমৰ ভিতৰতে লাভ কৰিছিল ষষ্ঠ স্থান। ১৯৯৯ চনত কটন কলেজৰ পৰা মেজৰ সহ স্নাতক ডিগ্ৰী আৰু ২০০১চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কিন্তু অত্যন্ত মেধাৱী এই ছাত্ৰ জনৰ জীৱনৰ চকৰি যেন ওলোটা ফালেহে ঘূৰিলে।
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতো প্ৰচুৰ মেধা সম্পন্ন ৰূপজ্যোতিয়ে এটা চৰকাৰী চাকৰি যোগাৰ কৰিব নোৱাৰিলে। সেই সময়ৰ নিযুক্তিত স্বচ্ছতা নথকা হেতুকে তেওঁ অৰ্হতা থকা সত্বেও এটা চৰকাৰী চাকৰি যোগাৰ কৰিব পৰা নাছিল।ফলত মানসিকভাৱে ভাগি পৰে।ব্যৱসায় কৰিবলৈকো হাতত ফুটাকড়ি এটা নথকাত গোটেই আকাশখন মূৰৰ ওপৰত ভাগি পৰাৰ দৰে হয় ।
বৰ্তমান তেওঁ ৰোগাক্রান্ত । spondylopathies (icd code m48.8) নামৰ এক জটিল ৰোগত আক্ৰান্ত।এই জটিল বেমাৰে খাই পেলাইছে তেওঁৰ শৰীৰ । ঘৰখনত উপাৰ্জন বুলিবলৈ কোনো নাই । দেউতাক দেৱেন বেজবৰাৰ কেতিয়াবাই মৃত্যু হৈছে । মাটি বেছি মাক আৰতি বেজবৰাই তেওঁৰ চিকিৎসা কৰি আছে । টকাৰ অভাৱত আজি এবছৰে ডাক্তৰৰ ওচৰলৈ নিব পৰা নাই ৰূপজ্যোতিক।ফলত বিনা চিকিৎসাই জটিল ৰোগৰ ওচৰত আত্মসমৰ্পণ কৰাৰ দৰে হৈছে। ইমান কষ্টৰ মাজতো তেওঁ নীলিম কুমাৰ, অনুভৱ তুলসীৰ কবিতা আওৰাই দুখ পাতলাবলৈ বৃথা চেষ্টা কৰে ।
যি জন যুৱকৰ সাফল্যত এদিন সমগ্ৰ নগাঁও জিলাবাসীয়েইগৰ্বিত হৈছিল,যাক গামোচা,শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে উপচাই দিছিল তেওঁৰ বিপদৰ সময়ত আজি কাষত কোনোৱেই নাই। চৰকাৰী নিযূক্তিৰ মেৰপেচৰ বাবেই যে স্নাতকোত্তৰ ডিগ্ৰী ধাৰী যুৱক জনৰ মেধাৰ অপমৃত্যু ঘটিল তাৰো কোনো এদিনো খবৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে। এতিয়া, ৰূপজ্যোতিৰ একমাত্ৰ ভৰষা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা। যদিহে মুখ্যমন্ত্ৰী শৰ্মাই ৰূপজ্যোতিৰ চিকিৎসাৰ কিবা ব্যৱস্থা কৰি দিয়ে তেতিয়া তেওঁৰ জীৱনলৈ হয়তো এমুঠি পোহৰ নামি আহিব।