নবৱৰ্ষ আৰু বিহুৰ ওলগ জনাই বটদ্ৰৱাত বয়োজেষ্ঠক সেৱা বিধায়ক ৰূপক শৰ্মাৰ...

নবৱৰ্ষ আৰু বিহুৰ ওলগ জনাই বটদ্ৰৱাত বয়োজেষ্ঠক সেৱা বিধায়ক ৰূপক শৰ্মাৰ...

author-image
Asomiya Pratidin
New Update
নবৱৰ্ষ আৰু বিহুৰ ওলগ জনাই বটদ্ৰৱাত বয়োজেষ্ঠক সেৱা বিধায়ক ৰূপক শৰ্মাৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ ওলগ জনোৱাৰ বাবে বটদ্ৰৱাত বয়োজেষ্ঠ ব্যক্তিৰ ঘৰে ঘৰে গৈ উপস্থিত হয় বিধায়ক ৰূপক শৰ্মা। নৱবৰ্ষ আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি একোখনকৈ বিহুৱান প্ৰদান কৰি সেৱা ধৰিলে বিধায়ক শৰ্মাই।

Advertisment

বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ দণ্ডধৰ মহন্তৰ ভাৰ্যা তথা ৯৯ বয়সীয়া আইমাতৄ ভৱানী মহন্তৰ লগতে বটদ্ৰৱা থানৰ নামাচাৰ্য় ডম্বৰুধৰ নামলগোৱা, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা, আইমাতৄ হীৰা মাই মহন্ত, ৰেণু কলিতা, জয়মতী বৰা, জেষ্ঠ নাগৰিক তৰুণ পাঠক, গোপাল কলিতা, দিলীপ গোস্বামীকে আদি কৰি কেইবাগৰাকী ব্যক্তিৰ লগতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কণমানি পিনশ্ৰী বৰাৰো খৱৰ লয় শৰ্মাই। এইসকল ব্যক্তিৰ ঘৰে ঘৰে গৈ সেৱা লৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি নিজকে ধন্য মানিছো বুলি প্ৰতিদিনৰ সাংবাদিকক জানিবলৈ দিয়ে।

বটদ্ৰৱা