/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/18729560-cef5-4183-b25d-b04e148a17b7/pr.jpg)
ডিজিটেল সংবাদ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাটৰ হাতীপুখুৰীত বিশুদ্ধ খোৱা পানীৰ বাবে বুধবাৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছন আঁচনি ৰূপহীহাটত সপোন হৈ ৰৈছে৷
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰূপহীহাটৰ ৰাইজে। হাতীপুখুৰীতপ্ৰায় ১৫ বছৰ আগতে নিৰ্মাণ কৰা হাতীপুখুৰীত পানী যোগান আচঁনিৰ পাইপৰ পৰা নোলাল এটুপি পানী। এবছৰ আগতে জল জীৱন মিচনৰ অধীনত এই প্ৰকল্প আকৌ নিৰ্মাণ কৰা হ'ল যদিও নিৰ্মাণত বিয়াগোম দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
আঁচনিৰ প্ৰাক কলন নীতি বৰ্হিভুত ভাৱে অতি নিন্মমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আঁচনি নিৰ্মাণৰ কাম কৰাৰ এক গুৰুতৰ অভিযোগ তুলিছে ঠিকাদাৰ জনৰ ওপৰত। ৬ মাহ আগতে প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো পানী যোগান ধৰা নহ'ল এতিয়ালৈকে।
এটুপি বিশুদ্ধ পানীৰ অভাৱত জীয়াতু ভোগা হাতীপুখুৰীৰ ৰাইজে অৱশেষত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। অনতি পলমে গাওঁ খনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে।