ৰূপহীহাটত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা…

ৰূপহীহাটত সোমবাৰে বিয়লি দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ইয়াৰে প্ৰথমটো নগাওঁ নলতলি পথৰ ভকত গাঁৱত আৰু দ্বিতীয়টো কিছু সময়ৰ পিছতে জুৰিয়া নগাবন্দাত ৷

author-image
Asomiya Pratidin
New Update
ৰূপহীহাটত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, ৰূপহীহাট : ৰূপহীহাটত সোমবাৰে বিয়লি দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ইয়াৰে প্ৰথমটো নগাওঁ নলতলি পথৰ ভকত গাঁৱত আৰু দ্বিতীয়টো কিছু সময়ৰ পিছতে জুৰিয়া নগাবন্দাত ৷ উল্লেখ্য যে দুয়োখন চাৰি চকীয়া বাহন আছিল।

Advertisment

ভকত গাঁৱত সংঘটিত হোৱা বাহনখন তীব্ৰ বেগে নগাঁৱৰ পৰা ৰূপহী অভিমুখে আহি থকা পথত নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে দ’ খাৱৈত পৰে ৷ কথমপি চালক জন ৰক্ষা পৰে ৷ বাহন খনৰ নম্বৰ AS 06x 7675।

আনহাতে নগাবন্দাত সংঘটিত বাহন খনৰ নম্বৰ As 02AG 0104। বাহন খনত চালকৰে সৈতে চাৰি জন লোক আছিল। চাৰিও জনে মদ্য পান কৰি তীব্ৰ বেগেৰে গৈ দ’ খাৱৈত পৰে ৷ দুৰ্ঘটনা কৰি পলায়ন বাহনৰ বন্ধুসহ চালকৰ।
চালকসহ চাৰিজন বন্ধু আছিল গাড়ীখন ভিতৰত। ইতিমধ্য আৰক্ষীয়ে দুৰ্ঘটনা স্থানত গৈ তদন্ত আৰম্ভ কৰিছে ৷

assam road accident