মোডী চৰকাৰ গঠনৰ ক্ষেত্ৰত বেঙ্গলীসকলৰ ভূমিকা আছেঃ লামডিঙত ৰূপা গাংগুলী

মোডী চৰকাৰ গঠনৰ ক্ষেত্ৰত বেঙ্গলীসকলৰ ভূমিকা আছেঃ লামডিঙত ৰূপা গাংগুলী

author-image
asomiyapratidin
New Update
মোডী চৰকাৰ গঠনৰ ক্ষেত্ৰত বেঙ্গলীসকলৰ ভূমিকা আছেঃ লামডিঙত ৰূপা গাংগুলী

ডিজিটেল সংবাদ, লামডিংঃ বৰাক-ব্রহ্মপুত্ৰ উপত্যকাত বিজেপিৰ হৈ প্ৰচাৰ চলালে পশ্চিম বংগৰ মোহময়ী অভিনেত্ৰী ৰূপা গাঙ্গুলিয়ে। মহাভাৰতৰ বিখ্যাত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰা ৰূপা গাঙ্গুলিয়ে হেলিকপ্টাৰযোগে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে হোজাই জিলাৰ লামডিঙত উপস্থিত হয়। ১০ নং লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাই অভিনেত্ৰী গৰাকীয়ে। বেঙ্গলী অধ্যুষিত অঞ্চল লামডিঙত হাজাৰ হাজাৰ অনুৰাগীৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰূপক শৰ্মাক অধিক ভোট প্ৰদান কৰি জয় যুক্ত কৰিবলৈ আহ্বান জনালে অভিনেত্ৰী গৰাকীয়ে।

লগতে অসমত বসবাস কৰা বেঙ্গলী লোকসকল পশ্চিম বংগতকৈ বহুগুণে সুৰক্ষিত হৈ আছে বুলি মন্তব্য কৰাৰ লগতে মমতা বেনাৰ্জীৰ কথা কৈ জাঙুৰ খাই উঠে ৰূপা গাঙ্গুলি। সকলোৱে মমতাক দিদি বুলি সম্বোধন কৰাত এতিয়া মমতাই হেৰুৱাইছে মমতা। এতিয়া নিৰ্বাচনৰ পাছত মমতা আৰু দিদি হৈ নাথাকে। মমতাই পশ্চিম বংগতে নহয় ভাৰতৰ কোনো ৰাজ্যতে স্থান নাপাব। অসমত বসবাস কৰা বেঙ্গলীসকল অ-সুৰক্ষিত বুলি মমতাই পশ্চিম বংগত অপপ্ৰচাৰ চলাই বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে।

অসমত বেঙ্গলী লোকসকল বহুতেই সুৰক্ষিত হৈ আছে। আকৌ এবাৰ মোডী চৰকাৰ গঠনৰ ক্ষেত্ৰত বেঙ্গলী সকলৰ ভূমিকা আছে বুলি কৈ তেওঁ সকলোকে বিজেপিক ভোট দিবলৈ পুনৰ আহ্বান জনায়।