/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nananaa.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও চহৰৰ আমোলাপট্টি নাওবৈচা পথ নিৱাসী সমাজসেৱী , ধৰ্মপ্ৰাণা মহিলা ৰুণু বৰা (৮৪)ৰ মঙলবাৰে পুৱতি নিশা বাৰ্ধক্য জনিত ৰোগত চিকিৎসাধীন অৱস্থাত নগাঁও চহৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত ৰুণু বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে ।
নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ মাতৃ ৰুণু বৰাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, সঙ্গিন সংঘ,পূৱ নগাঁও ৰঙালী বিহু উৎসৱ সমিতি, নগাঁও শ্মশানঘাট শিৱ মন্দিৰ সমিতিৰ লগতে ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে ।
মৃত্যুৰ সময়ত ৰুণু বৰাই দুগৰাকী পুত্ৰ, বোৱাৰী,তিনি কন্যা, নাতি-নাতিনী সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। ভালেসংখ্যক লোকৰ উপস্থিতিত স্থানীয় আমোলাপট্টি শ্মশানত ৰুণু বৰাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হয় ।
আৰু পঢ়ক: গোলাঘাটত কোটি টকাৰ ড্ৰাগছ জব্দ…