/asomiyapratidin/media/media_files/2025/06/04/wg11BN1HPc6Oi0DENXfm.jpg)
ডিজিটেল সংবাদ, চিৰাং: প্ৰতিবছৰে বাৰিষাৰ বতৰত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা এলেকাত উদ্বেগজনক ভাবে বৃদ্ধি পায় মেলেৰীয়া আক্ৰান্ত ৰোগীৰ সংখ্যা। এই বেলিও যেন তাৰ ব্যতিক্ৰম হোৱা নাই। প্ৰাথমিক ভাবে লাভ কৰা তথ্য অনুসৰি ৰুণীখাতা ৰাজ্যিক চিকিৎসালয়ত প্ৰতিদিনে মেলেৰিয়া জ্বৰত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জিলাখনত বাহকজনিত ৰোগ যেনে মেলেৰিয়া, জাপানী এনকেফেলাইটিছৰ দৰে ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ চিৰাং জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা মেলেৰিয়া বিষয়া সকলৰ উপৰি অন্যান্য স্বাস্থ্য বিষয়া সকলক লৈ আগতীয়াকৈ প্ৰস্তুতি আৰু সংশ্লিষ্ট সকলোৰে সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বাৰোপ কৰি যোৱা ৩০ মে'ত কাজলগাঁৱত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি টাস্ক ফৰ্চ গঠন কৰা হৈছিল ।
সেইমতে জিলা স্বাস্থ্য বিভাগৰ পৰা মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰিবলৈ কাম আৰম্ভ কৰা হৈছিল। কিন্তু আজি এটা সাংবাদিকৰ দল মেলেৰিয়া প্ৰাদুৰ্ভাৱ থকা চিৰাং জিলাৰ ৰুণীখাতা এলেকাৰ একমাত্ৰ ৰাজ্যিক চিকিৎসা কেন্দ্ৰটোত উপস্থিত হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ওলাই পৰে।
এই সন্দৰ্ভত চিকিৎসালয় পৰিচালনা সমিতিৰ এজন জেষ্ঠ্য সদস্যই সংবাদ মাধ্যমৰ আগত কয় যে বিগত ৩ মাহ ধৰি ৰুণীখাতাৰ উক্ত চিকিৎসালয়ত তেজ পৰীক্ষা কৰা লেৱ টেকনিচিয়ান নাই।চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লেৱ টেকনিচিয়ান গৰাকীৰ আকস্মিক ভাবে মৃত্যু হোৱা পিছৰে পৰা ৰুণীখাতা ৰাজ্যিক চিকিৎসালয়ত লেৱ টেকনিচিয়ানৰ কাম কৰি আছে মেলেৰিয়াৰ বিভাগত ছাৰ্ভিলেঞ্চ ওৱাৰ্কাৰ গৰাকীয়ে।
তাতকৈও গুৰুত্বপূৰ্ণ বিষয় হৈছে ৰুণীখাতা ৰাজ্যিক চিকিৎসালয়ত স্থায়ীভাবে চিকিৎসক নিযুক্তি দিয়া নহয়। সদায় এবছৰীয়া সেৱা আগবঢ়োৱা চিকিৎসক সকলক নিযুক্তি দিয়া হয়। আজিয়ে এজন চিকিৎসক এবছৰীয়া কাৰ্য্যসূচী সম্পাদন কৰি গুচি গ'ল। অকল ৰুণীখাতা ৰাজ্যিক চিকিৎসালয়তে নহয় ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ গৰুভাষাৰ পৰা আৰম্ভ কৰি ভাৰত-ভূটান সীমান্ত এলেকা লৈকে কোনো এটা চৰকাৰী চিকিৎসালয়ত নাই লেৱ-টেকনিচিয়ান।
জিলা স্বাস্থ্য বিভাগক এই খালি থকা পদ সমূহ পূৰণ কৰিবলৈ দাবী জনোৱা হয় যদিও তেওঁলোকৰ ফালৰ পৰা আমাৰ জিলাত পৰ্যাপ্ত লেৱ টেকনিচিয়ান নাই, আমি কেনেকৈ দিম বুলি অসহায় জবাব দিয়ে। এনেকৈয়ে চলি আছে চিৰাং জিলাৰ মেলেৰিয়া প্ৰাদুৰ্ভাৱ ৰুণীখাতা এলেকাত মেলেৰিয়া প্ৰতিৰোধৰ ব্যবস্থা।
স্থানীয় স্বাস্থ্যকৰ্মী সকলে কয় যে আমাৰ চিৰাং জিলাৰ ৰুণীখাতা তথা ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ পৰা অহা যিমান লোকৰ শৰীৰত মেলেৰিয়াৰ লক্ষণ দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে চিৰাং জিলা সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ লুংচুং এলেকাৰ পৰা অহা লোকৰ শৰীৰত অধিক মেলেৰিয়াৰ উপস্থিতি ধৰা পৰিছে বুলি দাবী কৰে।
ৰুণীখাতা অঞ্চলত প্ৰতিবছৰে মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ঘটে মূলতঃ এই অঞ্চলত বসবাস লোকৰ জীৱনশৈলীৰ বাবে । তেওঁলোকক পৰ্য্যাপ্ত পৰিমাণৰ ঔষধিযুক্ত আঠুৱা যোগান ধৰা হয় দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে সেই আঠুৱা বিছনাত ব্যৱহাৰ নকৰি অন্যান্য কামত ব্যৱহাৰ কৰা দেখা যায় যাৰ কাৰনেই এই অঞ্চলত মেলেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পাই থাকে বুলি আপেক্ষৰ সৈতে প্ৰকাশ কৰে।