ৰঙাগড়া চাহ বাগিছাত চলন্ত মেচিনত ভৰি সোমাল কিশোৰ শ্ৰমিকৰ…

ৰঙাগড়া চাহ বাগিছাত চলন্ত মেচিনত ভৰি সোমাল কিশোৰ শ্ৰমিকৰ…

author-image
asomiyapratidin
New Update
ৰঙাগড়া চাহ বাগিছাত চলন্ত মেচিনত ভৰি সোমাল কিশোৰ শ্ৰমিকৰ…

ডিজিটেল সংবাদ, বোকাখাত: গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ ৰঙাগড়া চাহ বাগিছাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এজন ১৫ বছৰীয়া কিশোৰৰ বাগিছা খনৰ চাহ ফেক্টৰীত কাম কৰি থকা অৱস্থাত চলন্ত মেচিনত ভৰি সোমাই আঘাতপ্ৰাপ্ত হয়। এই ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাত সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ।

Advertisment

উল্লেখ্য যে ২৫ আগষ্টৰ নিশা প্ৰায় দহ বজাত উক্ত বাগিছা অঞ্চলৰ কিশোৰজনে ফেক্টৰীটোৰ চি টি চি বিভাগত কাম কৰি থাকোতে হঠাৎ পিছল খাই চলন্ত মেচিনত সোমাই যায় আৰু  লগে লগে চিঞৰ বাখৰ হয় । তেনেতে  উক্ত ফেক্টৰীতে কাম কৰি থকা খগেন নামৰ এজন অস্থায়ী কৰ্মচাৰীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মেচিনৰ চুইছ বন্ধ কৰে যদিও কিশোৰজনৰ সোঁ ভৰিটোৰ তলুৱা অংশ কাটি যায়।

ইফালে তাৎক্ষণিক ভাৱে বাগিছা কতৃপক্ষই আঘাতপ্ৰাপ্ত কিশোৰজনক ৰঙাগড়া বাগিছা  চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে । আনহাতে আঘাতপ্ৰাপ্ত কিশোৰজনৰ আঘাত গুৰুত্বৰ হোৱাত নিশাই গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে ।

তাৎপৰ্যপূৰ্ণ বিষয় যে ৰঙাগড়া চাহ বাগিছাৰ ফেক্টৰীত সংঘটিত সমগ্ৰ ঘটনাটো বাগিছা কতৃপক্ষই গাপ দিব বিচাৰিছিল । কিন্তু আঘাতপ্ৰাপ্ত কিশোৰজনৰ অৱস্থা অধিক অৱনতি ঘটাত ২৭ আগষ্টত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই বৰ্তমান সময়ত চিকিৎসা প্ৰদান কৰিছে বাগিছা কতৃপক্ষই।

গুৰুত্বপূৰ্ণ বিষয় যে গুৱাহাটীৰ এপল স্থপিটেলত চিকিৎসাধীন দীপক ভূঞাৰ খবৰ ল'বলৈ আহৰি নাই  বাগিছা কৰ্তৃপক্ষৰ কিম্বা বাগিছাক নেতৃত্বত দিয়া সংগঠন সমূহৰ । কেৱল মাত্ৰ দীপকৰ চিকিৎসাৰ খৰচ দি দুৰ্ভগীয়া পৰিয়ালটোক আভুৱা ভাৰি আছে বাগিছা কতৃপক্ষই।

ইফালে গুৱাহাটীত চিকিৎসাধীন দীপকক ৩০ আগষ্ট জটিল অস্ত্ৰোপচাৰ অন্তত চিকিৎসকে আঘাতপ্ৰাপ্ত ভৰিটোৰ অচল হৈ পৰা আঙুলি সমূহ কাটি পেলাইছে বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে । আনহাতে ৰঙাগড়া বাগিছাত এজন কিশোৰ চিৰদিনৰ বাবে ঘূণীয়া হোৱাৰ পাছতো আজি পৰ্যন্ত  বাগিছাৰ বিভিন্ন কাৰণত সততে মাত মাতি অহা চাহ মজদুৰ সংঘৰ লগতে স্থানীয় সংগঠন সমূহৰ ৰহস্যজনক ভূমিকাক সচেতন ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । 

আৰু পঢ়ক: গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ..

assam tea estate