/asomiyapratidin/media/media_files/2025/08/04/dssd-2025-08-04-13-40-45.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ এইবাৰ গাড়ী ভাড়ালৈ দি বিপদত পৰিছে ৰৌতাৰ এগৰাকী লোক। ৰৌতাৰ গেৰুৱা বজাৰৰ এগৰাকী লোকে যোৱা ২৮ জুনত অৰুণাচললৈ ভাড়ালৈ পঠাইছিল AS-12CC-1730 নম্বৰৰ নিজৰ ব'লেৰ পিকাপ বাহনখন।এদিনৰ বাবে ভাড়ালৈ যোৱা গাড়ী এমাহ পাছতো নাহিল ঘুৰি। বাহনখন আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই অৰুণাচলত বিক্রীৰ সন্দেহ গৰাকীৰ।
অভিযোগ অনুসৰি, যোৱা ২৮ জুনত ৰৌতাৰ পানীখাইটিৰ আবু শ্বামা আৰু সিধাখোৱাৰ আখতাৰুল হাচেন ওৰফে নবাব নামৰ দুজন লোকে গাড়ী ভাড়ালৈ বিচাৰি গৈছিল গেৰুৱা বজাৰৰ প্রতীক দৈমাৰী নামৰ লোকজনৰ বাসগৃহত। অৰুণাচলৰ পৰা বান্ধাকবি আনিব বুলি কৈ এদিনৰ বাবে দুয়োজনে ভাড়ালৈ নিছিল AS-12CC-1730 নম্বৰৰ বলেৰ পিকাপ বাহনখন।
কিন্তু এদিনৰ বাবে নিয়া বাহন এমাহ পাছতো ওভতাই নাপালে গৰাকীয়ে। ঘটনা সন্দর্ভত ৰৌতা আৰক্ষী থানাত গোচৰ ৰুজো কৰা হৈছে যদিও গুৰুত্ব নাই আৰক্ষীৰ।দুষ্ট চক্ৰই গাড়ীখন অৰুণাচলত নি বিক্রী কৰাৰ সন্দেহ ভূক্তভোগীৰ। আৰক্ষীক বাৰম্বাৰ বিষয়টো গুৰুত্বসহকাৰে লবলৈ অনুৰোধ জনোৱা হৈছে যদিও গুৰুত্ব দিয়াই নাই আৰক্ষী বিষয়াই।