চোৰাং গৰুসহ আটক চালক,গাড়ীৰ গৰাকী…

চোৰাং গৰুসহ আটক চালক,গাড়ীৰ গৰাকী…

author-image
asomiyapratidin
New Update
চোৰাং গৰুসহ আটক চালক,গাড়ীৰ গৰাকী…

ডিজিটেল সংবাদ, ওৰাং:ৰৌতাৰ ইকৰাবাৰীত চোৰাং গৰুসহ আটক চালক,গাড়ীৰ গৰাকী। ইকৰাবাৰী আৰক্ষী এটা দলে এক গোপন খবৰৰ ভিত্তিত চলাইছিল এই অভিযান। অভিযান কালত আৰক্ষীয়ে গাড়ীসহ তিনিটা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে গৰু কঢ়িওৱা এখন গাড়ী আৰু গাড়ীখনৰ গৰাকী, চালকক আৰক্ষীয়ে আটক কৰে।

Advertisment

আটকাধীন গৰাকী আৰু চালকজন ক্ৰমে আমিনপাৰা গাঁৱৰ বাকিবুল্লাহ আৰু জয়নুদ্দিন বুলি জানিব পৰা গৈছে৷ চুৰি কাৰ্যৰ মাষ্টৰ মাইণ্ড আমিনপাৰা গাৱৰ ইনামুল হক আৰু ফাৰাজুল ইছলাম বৰ্তমানো পলাতক অৱস্থাত আছে৷ চোৰাং গৰু কঢ়িয়াই নিয়া গাড়ীখনৰ নম্বৰ AS-27C-7823। এই সন্দৰ্ভত ,আৰক্ষীয়ে ৰৌতা PS Case 60/22 নম্বৰৰ US-379IPC ধাৰাত গোচৰ ৰুজু কৰি চালক আৰু গাড়ীৰ গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ চুৰিকাণ্ডৰ মাষ্টৰ মাইণ্ড ইনামুল হক আৰু ফাৰাজুল ইছলামক বিচাৰী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

আৰু পঢ়ক:বঙাইগাঁও শোধনাগাৰৰ নাম সলাই বড়োলেণ্ড শোধনাগাৰ কৰাৰ দাবী এবছুৰ দাবী…

assam Routa