ৰৌতাৰ আমিনপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা…

ৰৌতাৰ আমিনপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা…

author-image
asomiyapratidin
New Update
ৰৌতাৰ আমিনপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা…

ডিজিটেল সংবাদ, ওৰাং : ৰৌতাৰ আমিনপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটৰ ফলত গুৰুত্বৰ ভাৱে আহত হয় দুগৰাকী লোক। আহত লোক দুজনক ৰৌতা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মাৰপিটৰ ফলত দুয়োগৰাকী লোকে সৰ্বশৰীৰত গুৰুত্বৰ আঘাত পায়। ঘটনাস্থলীত ৰৌতা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত ব্যক্তি দুজনক ৰৌতা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মাৰপিটৰ ফলত গুৰুত্বৰ ভাৱে আহত লোক দুজনৰ নাম কৰিম আলি (৭০) আৰু জহুৰা খাতুন(৬০)। আহত দুয়োগৰাকী লোক পতি-পত্নী। দীৰ্ঘদিন ধৰি ভূমি বিবাদক ধৰি চলি আছিল সংঘাত। ২ বিঘা ১ কঠা ১০ লেচা মাটিক লৈ সংঘটিত হয় ভূমি বিবাদৰ ঘটনা। কৰিম আলিৰ পৰিয়ালৰ অভিযোগ মতে দ্বিতীয় পক্ষই প্ৰথমে কৰিম আলিৰ বেঙেনা খেতি কাতি তহিলং কৰে।

ইয়াৰ পিছতে হাতে হাতে জোং জাঠি লৈ কৰিম আলিক প্ৰহাৰ কৰে। কথমপি প্ৰাণ ৰক্ষা পৰে কৰিম আলি আৰু তেওঁৰ পত্নী জহুৰা খাতুনৰ। আহত কৰিম আলি আৰু জহুৰা খাতুনক সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ‌‌ কৰে।

কৰিম আলিৰ পৰিয়ালে ইতিমধ্যে মাৰপিটৰ ঘটনাত জড়িত চামচুল হুক, নজৰুল ইছলাম, অৰৱ আলি, কিনাৰ সেখ, জানিব আলি, হানিফ আলিকে ধৰি এটা বৃহৎ দলৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।‌ মাৰপিটৰ ঘটনাৰ সৈতে জড়িত বৃহৎ দলটোক শাস্তিৰ দাবী জনাইছে ভুক্তভোগী কৰিম আলিৰ পৰিয়ালে।

assam Assam police