ৰঙিয়া মহাবিদ্যালয়ত 'ফাগুনৰ পচোৱাত গীত-কবিতাৰ আবেলি' অনুষ্ঠান সম্পন্ন

সদৌ অসম কবি মঞ্চৰ উদ্যোগত, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ৰঙিয়া মহাবিদ্যালয় শাখাৰ সহযোগত সোমবাৰে "ফাগুনৰ পচোৱাত গীত আৰু কবিতাৰ এটি আবেলি" শীৰ্ষক এই অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Tushar Pratim
New Update
ৰঙিয়া মহাবিদ্যালয়ত 'ফাগুনৰ পচোৱাত গীত-কবিতাৰ আবেলি' অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ,ৰঙিয়াঃ সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ৰঙিয়া মহাবিদ্যালয় শাখাৰ সহযোগত সোমবাৰে "ফাগুনৰ পচোৱাত গীত আৰু কবিতাৰ এটি আবেলি" শীৰ্ষক এই অনুষ্ঠান অনুষ্ঠিত হয় ৰঙিয়া মহাবিদ্যালয়ত। গীত আৰু কবিতাৰ মায়াভৰা এই আবেলিপৰত মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন। 

Advertisment

তাৰোপৰি অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ড° নীলোৎপল শৰ্মা। উক্ত অনুষ্ঠানটিত মহাবিদ্যালয়ৰ প্ৰায়সংখ্যক শিক্ষাৰ্থীসকলৰ উপৰিও অধ্যাপক -অধ্যাপিকাবৃন্দই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পাঠে সকলোকে মুগ্ধ কৰে। তাৰোপৰি অনুষ্ঠানটোত আন বহু কেইজনে কবিতা পাঠ কৰাৰ লগতে গীত পৰিবেশন কৰে। 

ৰঙিয়া মহাবিদ্যালয়