মৰিকলং ৰঙালী বিহু উৎসৱৰ ব্যাপক প্ৰস্তুতি

অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু মিনাক্ষী মধুপ্ৰিয়াই গীত পৰিবেশন কৰিব
মৰিকলং ৰঙালী বিহু উৎসৱৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও চহৰৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত মৰিকলং বিলৰ পাৰত বিগত বৰ্ষসমূহৰ দৰে এইবৰ্ষও অহা ১৫ এপ্ৰিলৰ পৰা তিনিদিনীয়া এক বিস্তৃত কাৰ্যসূচীৰে প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ স্থায়ী মঞ্চ আৰু বিহুতলীত ৬৭ সংখ্যক ৰঙালী বিহু উৎসৱটি অতি উলহ-মালহেৰে উদযাপনৰ দিহা কৰা হৈছে। ১৯৫৭ চনতে বহুকেইজন সাংস্কৃতিক প্ৰেমী,বাদ্যযন্ত্ৰী,সমাজপ্ৰিয়,কৰ্মোদ্যমী,সমাজ সংস্কাৰী লোকৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ প্ৰতিষ্ঠা হৈছিল ৷

তেতিয়াৰে পৰা আজি পৰ্যন্ত প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ বাকৰিত মৰিকলং বিলৰ পাৰত টাউন-মৰিকলঙৰ স্থানীয় পুৰুষ-মহিলা তথা সাংস্কৃতিক প্ৰেমী উদীয়মান যুৱক-যুৱতীসকলৰ একান্ত প্ৰচেষ্টাত মৰিকলং ৰঙালী বিহু উৎসৱটি উদযাপনৰ ব্যৱস্থা কৰি অহা হৈছে।

সেই উপলক্ষে এইবৰ্ষত ২৪নং মহিলা আয়ুক্ত,সমাজ সেৱিকা ৰূপালী শইকীয়াক সভানেত্ৰী,ৰেনু বৰা বৈদ্যক কাৰ্যকৰী সভানেত্ৰী,জীৱন শইকীয়া আৰু ৰঞ্জন শইকীয়াক যুটীয়া সাধাৰণ সম্পাদক,মহেন্দ্ৰ শইকীয়া,প্ৰভাত শইকীয়া আৰু অনুৰাগ শইকীয়াক উপ সভাপতি হিছাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ তিনিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে আয়োজিত হব লগীয়া মৰিকলং ৰঙালী বিহু উৎসৱৰ প্ৰথম দিনা পুৱা ৯ বজাৰ পৰা ৯:৩০ বজালৈ উৎসৱ উদযাপন সমিতিৰ সভানেত্ৰী ৰূপালী শইকীয়াৰ দ্বাৰা পতাকা উত্তোলন আৰু সমিতিৰ সাধাৰণ সম্পাদক জীৱন শইকীয়াৰ স্মৃতি তর্পনৰে ৰঙালী বিহু উৎসৱটি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।

ইয়াৰ পাছতে পুৱা ১০ বজাৰ পৰা অসমৰ চহা জীৱনৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা বিভিন্ন খেল-ধেমালি সমূহ অনুষ্ঠিত হ'ব ৷ বিয়লি ২ বজাত বিহুগীত প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পাছতে সমূহ টাউন-মৰিকলংৰ যুৱতী-বিবাহিত মহিলাৰ দ্বাৰা মঞ্চ বিহু হুচঁৰি পৰিবেশিত হ'ব ৷

সন্ধিয়া ৬ বজাত কণ কণ ল’ৰা ছোৱালীৰ মাজত সাজপাৰ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পাছতে সন্ধিয়া ৭ বজাৰ পৰা স্থানীয় যুৱতী তথা বিবাহিত মহিলাসকলৰ মাজত সাজপাৰ প্ৰতিযোগিতা আয়োজিত হ'ব ৷ নিশা ৮ বজাত প্ৰথম দিনাৰ মঞ্চ শুভ উদ্বোধন কৰিব বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৷

ইয়াৰ পাছতে সাংস্কৃতিক কৰ্মী গুণগুণ বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত হ'ব তিৱা নৃত্য সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠান। নিশা ৯ বজাত পৰিবেশিত সত্ৰীয়া নৃত্যৰ আধাৰত এটি বিশেষ নৃত্যানুষ্ঠান ৷ ৯:৩০ বজাত পৰিচালক নৱজিৎ বৰাৰ নেতৃত্বত নৃত্যাংগণৰ নৃত্যনুষ্ঠান “প্ৰকৃতিৰ জীয়ৰী মাজুলী” স্থানীয় শিশু শিল্পী সকলৰ দ্বাৰা পৰিবেশিত হ'ব ৷ নিশা ১০ বজাৰ পৰা বাঁহী নৃত্য গোষ্ঠীৰ ব্যৱস্থাপনাত আয়োজিত হ'ব আন এক পৃথক আৰ্কষনীয় নৃত্যনুষ্ঠান।

দ্বিতীয় দিনা অৰ্থাৎ ১৬ এপ্ৰিলৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাৰ পৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা। ১০ বজাত বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা।

১১ বজাত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পাছতে বিয়লি ৩ বজাত স্থানীয় যুৱতী তথা বিবাহিত মহিলাসকলৰ দ্বাৰা পৰিবেশিত হ'ব মুকলি বিহু অনুষ্ঠান ৷ নিশা ৮ বজাত দ্বিতীয় নিশাৰ মঞ্চ উদ্বোধন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

ইয়াৰ লগে লগে অনুষ্ঠিত হবলগীয়া অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰ অন্তত নিশা ৯ বজাৰ পৰা সদৌ অসম ভিক্তিত বিহু কন্যা প্ৰতিযোগিতা ৷ বিহুকন্যা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ বয়স ৫ বছৰৰ পৰা ১২ বছৰ হোবাৰ বিপৰীতে প্ৰতিযোগিতাখনিত ভৰ্তি মাচুল ৩ শ টকা ধাৰ্য্য কৰা হৈছে ৷

সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া বিহুকন্যা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ ক্ৰমে- প্ৰথম পুৰস্কাৰ নগদ ১০১০১ টকা আৰু মানপত্ৰ,দ্বিতীয় পুৰস্কাৰ ৭১০১ টকা আৰু মানপত্ৰ,তৃতীয় পুৰস্কাৰ নগদ ৫১০১ টকা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব ৷

তৃতীয় দিনা পুৱা ৯ বজাত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ পাছতে বিয়লি ২বজাত মৰিকলং অঞ্চলৰ শিশু-যুৱক-যুৱতী তথা মহিলা সকলৰ মাজত ভেশচন প্ৰতিযোগিতা । বিয়লি ৩ বজাত প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ বৰ্তমানৰ সভাপতি ডাঃ হৰেন্দ্ৰ কুমাৰ বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হ'ব মুকলি সভা ও বঁটা বিতৰণী অনুষ্ঠান ৷

মুকলি সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°মাধুৰ্য্যমণ্ডিত বৰুৱা,সভাত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকিব আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মিলনজ্যোতি নেওঁগ ৷ নিশা ৮ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব যুৱ সমাজকৰ্মী তথা প্ৰতিস্থিত অসমীয়া গহনাৰ বিপনী ডুগডুগীৰ স্বতাধিকাৰী উৎপল বনিয়াই ৷

ইয়াৰ পাছতেই নৃত্যশিল্পী ৰিতুৰাজ মুদৈৰ পৰিচালনাত সমন্বয় এনাজৰী সাংস্কৃতিক গোষ্ঠী নগাঁৱৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ নিশা ৯:৩০ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু মিনাক্ষী মধুপ্ৰিয়াই গীত পৰিবেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ৷

উল্লেখ যে,সদৌ অসম ভিত্তিত আয়োজিত হ'বলগীয়া বিহুকন্যা প্ৰতিযোগিতাৰ লগতে অন্যান্য বিষয়ে সবিশেষ তথ্য জানিব বিছাৰিলে প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘ টাউন-মৰিকলং,৭৮২০০১,নগাঁও (অসম) আৰু উদযাপন সমিতিৰ ৯১০১০-৭১৪২৭,৯৩৬৫৭-০৮২৬৬ আৰু ৯১০১৫-৭৮৫২৮ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাই জনায় ৷

মৰিকলং ৰঙালী বিহু উৎসৱৰ ব্যাপক প্ৰস্তুতি
গৰুচোৰৰ ৰূপত শিক্ষকৰ ড্ৰাগছ আসক্ত পুত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in