/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/rangali-bihui.jpg)
ডিজিটল সংবাদ বকো: বকোৰ ভালুকঘাটা ৰঙালী বিহু সন্মিলনৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ । অহা ১৪,১৫ আৰু ১৬ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হ'ব সোণালী জয়ন্তী বৰ্ষ । শুক্ৰবাৰে ৰাতিপুৱা ভালুকঘাটা মাধৱদেৱ পুথিভঁৰাল প্ৰাঙ্গণত সোণালী জয়ন্তীৰ কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো মুকলি কৰে ভালুকঘাটা ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি হৰি শৰ্মাই।
কাৰ্যালয় মুকলি অনুষ্ঠানৰ আঁতধৰে উদযাপন সমিতিৰ প্ৰধান সম্পাদক ৰামদয়াল মহন্তই । ভালুকঘাট সত্ৰৰ বাপ-বান্ধৱ আৰু আইমাতৃৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত কাৰ্যালয়টো মুকলি কৰা হয় । সোণালী জয়ন্তী উপলক্ষে এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰাৰ যো-জা কৰা হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।
অন্যহাতে সোণালী জয়ন্তীৰ কাৰ্যসূচী সুচাৰু ৰূপে পৰিচালিত কৰিবলৈ মূল সমিতিৰ সভাপতি যতীন পাঠক আৰু সহকাৰী সম্পাদক চন্দন মজুমদাৰক দায়িত্ব প্ৰদান কৰি ১২খন উপ-সমিতি গঠন কৰিছে ।