/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/golaghattt.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ ৰঙাগড়া বাগিছা প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে বিদ্যালয়খনৰ পাঠদান চলি থকাৰ মাজতে হঠাৎ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত চিন্তিত হৈ পৰে বিদ্যালয় কৰ্তৃপক্ষ।উল্লেখ্য যে প্ৰথমে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ জানটু মিৰ্ধা নামৰ ছাত্ৰজন জ্বৰ, কাহ, কঁপনিৰ লগতে উশাহ-নিশাহত কষ্ট পোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ সমীপতে থকা ৰঙাগড়া বাগিছা চিকিৎসালয়ত ভৰ্তি কৰা আৰু প্ৰাথমিক চিকিৎসাৰ সুবিধা কৰি অভিভাৱক অৱগত কৰে ।
ইয়াৰ পাছতেই বিদ্যালয়খনৰ অধ্যয়নৰত আদিত্য কুমাৰ, শিৰ্বানী গোৱালা, অৰ্পিতা মাল, ববী কায়স্থকে আদি কৰি ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হঠাৎ মুৰঘূৰণি, জ্বৰ, অত্যাধিক কাঁহ, শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাত বিদ্যালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ বাগিছাখনৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰায় ।
ইফালে বাগিছাখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অসুস্থ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ বাগিছাখনত এক চাঞ্চ্যলৰ সৃষ্টি হয়। আনহাতে বাগিছাখনৰ ফাৰ্মাচীষ্ট আৰু নাৰ্চ গৰাকীয়ে অসুস্থ হৈ পৰা ছাত্ৰ-ছাত্ৰী সকলক চিকিৎসা প্ৰদান কৰি বৰ্তমান অতিপাত গৰম আৰু পুষ্টিহীনতাত ভুগি ছাত্ৰ-ছাত্ৰী সকল ৰোগত আক্ৰান্ত হোৱা সন্দেহ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
আনহাতে ৰঙাগড়া চাহ বাগিছাৰ চিকিৎসালয়খনত চিকিৎসক নথকাত বিমোৰত পৰিছে অভিভাৱক সকল। কাৰণ বাগিছাখনত এজন চিকিৎসক আছিল যদিও বিশেষ কাৰণত কেইদিনমান আগতেই চিকিৎসক গৰাকীয়ে বাগিছা চিকিৎসালয়খনৰ পৰা অব্যাহতি লয় বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰদান কৰিছে।
যাৰ ফলত বাগিছাখনত বিভিন্ন ৰোগত আক্ৰান্ত ৰোগী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চিন্তনীয় বিষয় যে বৰ্তমান সময়তো ৰঙাগড়া বাগিছা প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী জ্বৰ, কাহত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে ।