ৰহাত ঐতিহাসিক ফুলগুৰিৰ ধেৱা উপলক্ষে কৃষক সংসদ সম্পন্ন...

১৮ অক্টোবৰৰ ঐতিহাসিক ফুলগুৰী ধেৱা উপলক্ষে শুকুৰবাৰে ২৮ অক্টোবৰ তাৰিখে ৰহাত এখনি কৃষক সংসদৰ আয়োজন কৰা হয়
roha
roha

ডিজিটেল সংবাদ, ৰহা : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰাইজৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰ উদযাপন সমিতিৰ সৌজন্যত, কৃষক মহাসভা, অসম আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ যৌথ উদ্যোগত ১৮ অক্টোবৰৰ ঐতিহাসিক ফুলগুৰী ধেৱা উপলক্ষে শুকুৰবাৰে ২৮ অক্টোবৰ তাৰিখে ৰহাত এখনি কৃষক সংসদৰ আয়োজন কৰা হয় ।

উক্ত সংসদত অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ লগতে ৰহা অঞ্চলৰ প্ৰায় পাঁচ শতাধিক কৃষক মহিলাই অংশগ্রহণ কৰে। দিৱসৰ আৰম্ভণিতে কৃষক মহাসভাৰ পতাকা উত্তোলন কৰে কেন্দ্রীয় সদস্য পিতৰুচ চুৰিনে । শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰবিন কৃষক নেতা ভদ্র ডেকাৰজাই।

ইয়াৰ পিছতে কৃষক ঐক্য সমদল বাহিৰ কৰা হয়। সমদল উদ্বোধন কৰে এ.আই.চি.চি.টি.ইউৰ অসম ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক পংকজ কুমাৰ দাসে। ইয়াৰ পিছতে ৰাইজৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰ উদযাপন সমিতিৰ মুখ্য সমন্বয়ক বিবেক দাস, প্ৰগতিশীল নাৰী সন্থাৰ ভাৰতী দেবী আৰু কৃষক সংসদ উদযাপন সমিতিৰ সভাপতি ভবেন চন্দ্র দাসৰ দ্বাৰা গঠিত অধ্যক্ষ মণ্ডলীৰ পৰিচালনাত কৃষক সংসদ আৰম্ভ হয়।

কৃষক সংসদ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সংসদ আৰম্ভৰ পিছতে ফুলগুৰি ধেৱা গ্ৰন্থৰ লেখক প্ৰয়াত বেনুধৰ কলিতা আৰু ফুলগুৰিৰ কৃষক বিদ্ৰোহত নিৰ্যাতন ভোগ কৰা সংগ্ৰামী বাহু কৈবর্তক মৰণোত্তৰভাৱে সন্মানিত কৰা হয়। তেওঁলোকৰ হৈ পৰিয়ালৰ সদস্যই মানপত্র গ্রহণ কৰে।

স্থানীয় প্ৰগতিশীল নাৰী সন্থাৰ সদস্য সকলে পৰিৱেশন কৰা ললিত বৰমুদৈৰ কথা আৰু সুৰ দিয়া ইংৰাজক গৰকি বিপ্লৱী গীতৰ পিছতে সংসদৰ মূল কাৰ্যসূচী নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তব্য আৰম্ভ হয়।

সংসদত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় ব্যক্তি সকলৰ লগতে ধলপুৰৰ উচ্ছেদিত আৰু পুলিচৰ গুলীত আঘাতপ্রাপ্ত চহৰ আলী উপস্থিত আছিল। সংসদত গৃহীত কৰা হয় বহুকেইটা প্ৰস্তাৱ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in