গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা সম্পন্ন বিৰল ৰ’বটিকচ ছাৰ্জাৰী, উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম বাৰৰ বাবে…

গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা সম্পন্ন বিৰল ৰ’বটিকচ ছাৰ্জাৰী, উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম বাৰৰ বাবে…

author-image
asomiyapratidin
New Update
গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা সম্পন্ন বিৰল ৰ’বটিকচ ছাৰ্জাৰী, উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম বাৰৰ বাবে…

 ডিজিটেল ডেস্ক: ১৬ জুনত গুৱাহাটীৰ আগশাৰীৰ লেপাৰ'স্ক'পিক, বেৰিয়াট্ৰিক আৰু ৰ'বটিক ছাৰ্জন ডা: সুভাষ খান্নাৰ নেতৃত্বত সম্পন্ন হয় এক বিৰল অস্ত্ৰোপচাৰ। খান্নাই ৰ'বটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্প্লেনিক চিষ্ট আঁতৰ কৰিবলৈ সক্ষম হয়। শিশু বা কিশোৰৰ ক্ষেত্ৰত এনে বৃহৎ স্প্লেনিক চিষ্ট বিৰল।

Advertisment

উল্লেখ্য যে, কিশোৰ গৰাকী প্ৰায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল। প্ৰথম পৰ্যায়ত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিসা কৰিছিল যদিও সম্পূৰ্ণ আৰোগ্য নোহোৱাত স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট এণ্ড এন এইচ, মালিগাঁৱৰ ছাৰ্জিকেল বিভাগৰ চিকিৎসক ডা: সুভাষ খান্নাৰ কাষ চাপে।

কিশোৰ গৰাকীৰ পৰীক্ষা কৰাৰ পাছত তেওঁৰ দেহত স্প্লেনিক হিলাৰ চিষ্ট ধৰা পৰে। প্লীহা এটা গুৰুত্বপূৰ্ণ অংগ হোৱা বাবে এই অস্ত্ৰোপচাৰ আছিল প্ৰত্যাহ্বানজনক।

কিন্তু খান্নাৰ প্ৰচেষ্টাত ৰ'বটিক ছাৰ্জাৰীৰ ফলত সুস্থ হৈ উঠে কিশোৰটি। এই অস্ত্ৰোপচাৰত খান্নাৰ সৈতে আছিল  ডা: এছ চৌধুৰী, ডা: বিশ্বজ্যোতি ৰাভা, সংজ্ঞাহাৰত বিশেষজ্ঞ ডা: কনিকা দাস। লগতে সহযোগিতা আগবঢ়াইছিল ৰ'বটিক স্কাৰ্ব নাৰ্ছ ক্ৰমে বিদ্যা আলৱানিছা আৰু লিপকাই।

উল্লেখ্য যে, স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট এণ্ড এন এইচত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰলৈ এনে ৰ'বটিক পদ্ধতিৰে বৃহৎ স্প্লেনিক চিষ্টৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়।অস্ত্ৰোপচাৰত ব্যৱহাৰ হোৱা ৰ'বটটোৰ নাম আছিল 'ভাৰ্ছিয়াছ' ।

আৰু পঢ়ক: গোৰেশ্বৰৰ বান পৰিস্থিতিৰ বুজ ল'লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই…

assam swagat hospital guwahati