/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক: ৰঙিয়াৰ HDFC বেংকৰ সন্মুখত লুটপাটৰ ঘটনা । পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই গ্ৰাহকৰ পৰা লুটি নিলে নগদ ৩ লাখ ৯০ হাজাৰ টকা । ৰঙিয়া অভিমুখে পলায়ন দুই দুৰ্বৃত্তৰ ।
নাগ্ৰীজুলীৰ ২ নং বগৰীগুটিৰ ফুল কুমাৰ দাস নামৰ ব্যৱসায়ীজনে HDFC বেংকৰ পৰা উলিয়াই ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ঘটনা । ক'লা ৰঙৰ পালচাৰত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে কাঢ়ি নিয়ে বৃহৎ পৰিমানৰ ধনখিনি।
টকাৰ বেগখন লৈ বেংকৰ সন্মুখৰে যোৱা ৰঙিয়া ভাৰত – ভুটান পথত চ'মু গাড়ীত উঠিবলৈ লওঁতে সংঘটিত হয় এই ঘটনাটো । মুহূৰ্ততে ক'লা ৰঙৰ পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে টকা ভৰ্ত্তি মোনাখন কাঢ়ি লৈ তীব্ৰগতিত ৰঙিয়া অভিমুখে পলায়ন কৰে ।
পিছত ব্যৱসায়ীজনে ৰঙিয়া আৰক্ষী থানাত ঘটনা সম্পৰ্কত অৱগত কৰে । ৰঙিয়া আৰক্ষীয়ে ঘটনা সম্পৰ্কে অৱগত হোৱা মাত্ৰকে তীব্ৰ অভিযান আৰম্ভ কৰিছে । দুৰ্বৃত্তই এনেদৰে লুটি নিয়াত শোকত ভাগি পৰে ব্যৱসায়ীগৰাকী ।