জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ স্মৃতি  জড়িত দেৰগাঁৱৰ চকিয়াল পথৰ বিধ্বস্ত ৰূপ

জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ স্মৃতি জড়িত দেৰগাঁৱৰ চকিয়াল পথৰ বিধ্বস্ত ৰূপ

Published on

ডিজিটেল সংবাদ,দেৰগাঁও :বৰ্তমানৰ চৰকাৰে দেৰগাঁৱৰ মাজেদি যোৱা চাৰিলেণ্ড যুক্ত পথৰ দুয়োকাষে জ্ঞানপীঠ বঁটা বিজয়ী তথা পদ্মশ্ৰী কবি নীলমণি ফুকনৰ নামত সোণাৰু গছ ৰূপনৰ পৰিকল্পনা কৰিছে। কিন্তু তেখেতৰ প্ৰত্যক্ষ স্মৃতি জড়িত চকিয়া পথৰ দুৰৱস্থাই ৰাইজক জ্বলা-কলা খুৱাইছে ৰাইজক।

পথটোত বৰষুণৰ বাবে বৰ্তমান সৃষ্টি হোৱা বৃহৎ গাঁতৰ পৰিণতিত সাধাৰণ ৰাইজে যাতায়তৰ বেলিকা জীয়াতু ভুগি আহিবলগীয়া হৈছে । মেৰামতিৰ অভাৱত পকী পথৰটোৰ মাজৰ অংশ সমূহ এৰাই গৈ শিলগুটি ওলাই যোৱাত এজাক বৰষুনতেই পথৰ মাজত থকা এই গাঁত সমূহত একাঁঠু পানীৰে ভৰি পৰে ।

উল্লেখ্য যে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ পথৰ পৰা চকিয়াল হৈ শংকৰদেৱৰ শিশু নিকেতন , মানৱ ধৰ্ম মন্দিৰ ,হনুমান মন্দিৰ আদিলৈ এই পথটোৱেদি দৈনিক শ শ লোকে যাতায়ত কৰে যদিও পথৰ দুৰৱস্থাই বাৰুকৈয়ে বিপদত পেলাইছে অঞ্চলবাসীক । তদুপৰি বৰ্তমান দেৰগাঁৱত ফৰলেণ্ডৰ পথ নিৰ্মণৰ ফলত বহুতো ব্যৱসায়িক প্ৰতিষ্ঠান এই ভিতৰুৱা পথৰ দাঁতিত গৈ নতুনকৈ ব্যৱসায় গঢ়ি তুলিছে যদিও পথৰ বিধ্বস্তাৰ বাবে ৰাইজে এতিয়া পদে পদে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ।

পথটি মেৰামতিৰ বাবে দেৰগাঁও সমষ্টিৰ বিধায়ক তথা দেৰগাঁও পৌৰপতিক ৰাইজে আবেদন-নিবেদন কৰি আছে যদিও অদ্যপি কোনো সুফল লাভ নকৰি ৰাইজ ক্ষোভিত হৈ পৰিছে ।

জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ স্মৃতি  জড়িত দেৰগাঁৱৰ চকিয়াল পথৰ বিধ্বস্ত ৰূপ
ৰাহুলৰ 'ফ্লাইং কিছ' সন্দৰ্ভত লোকসভাৰ অধ্যক্ষলৈ শাসকীয় পক্ষৰ পত্ৰ! কংগ্ৰেছ ক'লে...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in