/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nnnn.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ: চৰকাৰ-প্ৰশাসনে নহয় নাৰায়ণপুৰত গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ । লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰ অঞ্চলৰ ৰাইজে শ্ৰম দান কৰি নিৰ্মাণ কৰিলে নিজৰ গাঁৱৰ গুৰুত্বপূৰ্ণ পথটি ।
স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো সৰ্ব দিশতে বঞ্চিত অৱহেলিত গাঁও খনৰ ৰাইজে বছৰ বছৰ ধৰি চৰকাৰ প্ৰশাসনৰ ওচৰত আবেদন নিবেদন কৰিও কোনো সুফল লাভ নকৰি অৱশেষত এইদৰে ৰাইজে প্ৰতিটো পৰিয়ালৰ পৰা এশ দুশ টকাকৈ সংগ্ৰহ কৰি কাষৰীয়া নদীৰ পৰা সংগ্ৰহ কৰা শিল বালি পেলাই যাতায়তৰ উপযোগী কৰিছে পথচোৱা।
অঞ্চলটোৰ বিষ্ণুজ্যোতি য়ুথ ক্লাৱৰ নেতৃত্বত হাতে হাতে কোৰ, বেলছা লৈ পুৰুষ মহিলা সকলো ওলাই আহিল পথ নিৰ্মাণৰ বাবে।বিষ্ণুজ্যোতি য়ুথ ক্লাৱৰ সভাপতি ৰূপেণ শইকীয়া,সম্পাদক পংকজ ৰাজবংশী,কাৰ্যকৰী সভাপতি ব্ৰজেন শইকীয়া,সাংগঠনিক সম্পাদক বিশ্বজিত শইকীয়া,সহকাৰী সম্পাদক কৌশিক বৰা,কোষাধ্যক্ষ মনোজ বৰুৱা আৰু সত্যপ্ৰসাদ বৰাই নেতৃত্ব প্ৰদান কৰা দিনজোৰা শ্ৰমদান কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই অংশ লয় ।
নিৰ্বাচনৰ সময়ত কেৱল ভোট বিচাৰি অহাৰ বাদে অঞ্চলটোলৈ জনপ্ৰতিনিধি সকলৰ কোনোদিনে আগমন নঘটে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৰ ৰাইজৰ শ্ৰমদান কাৰ্যসূচীত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ৰিপুণ দত্তৰ নেতৃত্বত কেইগৰাকীমান প্ৰতিনিয়েও অংশগ্ৰহণ কৰে।শ্ৰমদান স্থলিৰ পৰাই আছু নেতা গৰাকীয়ে সৰ্বদিশতে বঞ্চিত অৱহেলিত সীমান্তৱৰ্তী বিষ্ণুপুৰ অঞ্চলৰ সমস্যা সমুহ সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ-প্ৰশাসনৰ প্ৰতি আহ্বান জনায়।