তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত কলেজীয়া ছাত্ৰ

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত কলেজীয়া ছাত্ৰ

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ ৰহাৰ গড়মাৰীত শোকাৱহ ঘটনা । কলেজলৈ গৈ থকা অৱস্থাত মটৰ চাইকেল দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰ ।

ৰহা মহাবিদ্যালয়ৰ উচ্চত্বৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ নিহত ছাত্ৰজনৰ নাম অভিজিৎ নাথ বুলি জানিব পৰা গৈছে। অভিজিতৰ ঘৰ গছপৰাৰ গাৰুৱনীপাৰত ।

বুধবাৰে পুৱা কলেজলৈ গৈ থকা অৱস্থাত এখন বালি ভৰ্তি ট্ৰাকৰ খুন্দাত ছাত্ৰজন বাইকসহ চিটিকি গৈ পথৰ ওপৰতে পৰি থিতাতে নিহত হয় । উল্লেখ্য যে ৰহাত দিনে নিশাই অবৈধভাৱে বালি ট্ৰাকে দপদপাই বালি সৰবৰাহ অব্যাহত ৰখাৰ বিপৰীতে বন বিভাগে কমিচন লৈ নিমাতে থাকে । এই ক্ষেত্ৰত আৰক্ষীৰো ভূমিকা ৰহস্যজনক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in