
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টৌভঙাৰ লটিকা চাৰ্ভিচ ষ্টেচনৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰে তেজপুৰ অভিমুখে আহি থকা AS-01-DH- 5835 নম্বৰৰ ইয়ন গাড়ীয়ে বিপৰীত দিশৰ পৰা গৈ থকা AS-12- AG-4762 নম্বৰৰ পালচাৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷
ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকজনক স্থানীয় ৰাইজে ১০৮ যোগে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
আহত যুৱকজন গহপুৰ বৰঙাবাৰীৰ পূৰ্ণকান্ত দাস বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে ৷