পথ দুৰ্ঘটনাত থিতাতে নিহত অভিষেক ভট্টাচাৰ্য

পথ দুৰ্ঘটনাত থিতাতে নিহত অভিষেক ভট্টাচাৰ্য

author-image
asomiyapratidin
New Update
পথ দুৰ্ঘটনাত থিতাতে নিহত  অভিষেক ভট্টাচাৰ্য

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা– মাৰ্ঘেৰিটা কিডজী চান চাইন বিদ্যালয়ৰ শিক্ষক অভিষেক ভট্টাচাৰ্য (৩০) সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিশা প্ৰায় ১২ মান বজাত শিক্ষকজনে এক অনুষ্ঠানত ভাগলৈ মাৰ্ঘেৰিটা চাৰিআলিস্থিত নিজ গৃহলৈ আহি থকা অৱস্থাত মাৰ্ঘেৰিটা চানু বেকাৰী সন্মুখৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

মাৰ্ঘেৰিটা আৰক্ষী তথা স্থানীয় লোকে ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অভিষেক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বাতৰি প্ৰস্তুত কৰা সময়লৈকে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখনৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। স্থানীয় ভাবে নৃত্যৰ কৰিয়গ্ৰাৰ্ফৰ হিচাপেও জনপ্ৰিয় আছিল অভিষেক ভট্টাচাৰ্য।

তেখেতৰ মৃত্যুত কিডজি চান চাইন বিদ্যালয়ৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। অভিষেকৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটা নগৰত গভীৰ শোকৰ ছাঁ পৰিছে। অন্যহাতে স্থানীয় ৰাইজে দুৰ্ঘটনাৰ প্ৰকৃত কাৰন উদঘাটন বাবে আৰক্ষীক দাবী জনাইছে।

আৰু পঢ়ক: আলফা(স্বা)ত যোগদান উদীয়মান কণ্ঠশিল্পীৰ লগতে কনিষ্ঠ অভিযন্তা…

assam MARGHERITA