হেলেমত দুৰ্ঘটনাত অচিনাকি ব্যক্তিৰ মৃত্যু...

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত হেলেম চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা প্ৰায় ১২-৩০ বজাত মৃত্যু হয় এজন অচিনাকি বাটৰুৱাৰ।

author-image
Tushar Pratim
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত হেলেম চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা প্ৰায় ১২-৩০ বজাত মৃত্যু হয় এজন অচিনাকি বাটৰুৱাৰ।এখন দ্ৰুতবেগী বগা ৰঙৰ বলেৰ' পিক আপ  বাহনৰ খুন্দাত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈ মৃত্যু হয় প্ৰায় ৬৫ বছৰ বয়সীয়া অচিনাকি ব্যক্তিগৰাকীৰ।

Advertisment

ঘটনাৰ খবৰ পোৱাৰ লগে লগে হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যক্তিগৰাকীক বৰগাঙৰ কেথলিক মিছন হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত ঘোষণা কৰে। পৰবৰ্তী সময়ত ব্যক্তিগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ লৈ যায় হেলেম আৰক্ষীয়ে।

উক্ত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত অচিনাক্ত ব্যক্তিগৰাকীৰ মৃতদেহ চিনাক্তকৰণৰ বাবে বৰ্তমান বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত ৰখা হৈছে। কোনো সদাশয় ব্যক্তিয়ে নিহত ব্যক্তিগৰাকীৰ পৰিচয় লাভ কৰিলে ৬০০০৪২২১৭৭ এই ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাই।

দুৰ্ঘটনাটো সংঘটিত কৰি বলেৰ' পিক আপ ভানখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মৃতদেহটোৰ কোনো অভিভাৱক নোলালে আইন সংগত ভাৱে নিদিষ্ট সময়ত সমাধীস্থ কৰা হ'ব মৃতদেহটো।

বিহালী হেলেম পথ দুৰ্ঘটনা